কৰিমগঞ্জ, 8 নৱেম্বৰঃ দলীয় সাংসদ আাৰু বিধায়কৰ সম্মুখতে নিম্নমানৰ পথ নিৰ্মানক লৈ তুলাধুনা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । কলে, বৰাক উপত্যকা পিছ পৰাৰ মুল কাৰন দূৰ্নীতি | বহুতে কয় চৰকাৰে বৰাক ব্ৰহ্মপুত্ৰৰ মাজত বৈষম্য কৰে | কিন্তু বিগত এক বছৰে ঝালুকবাড়ি সমষ্টিৰ ২৫ কোটিৰ বিপৰীতে ৰাতাবাৰি সমষ্টিত ৪০ কোটি টকা দিয়াৰ পাছতো অতি নিম্ন মানৰ কাম হৈছে | কেইদিনৰ ভিতৰত ৰাতাবাড়ি সমষ্টিৰ নিম্নমানৰ কামৰ বাৱে গড়কাপ্তানী বিভাগৰ তিনি বিষয়াক নিলম্বন কৰা হ'ব | শুকুৰবাৰে কৰিমগঞ্জত মাতৃত্ব আৰু শিশু স্বাস্থ্য ভৱনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি এনেদৰে মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে |
উল্লেখ্য যে, চাৰি বছৰৰ অন্তত শুকুৰবাৰে কৰিমগঞ্জত এশখন বিচনা যুক্ত মাতৃত্ব আৰু শিশু স্বাস্থ্য ভৱনৰ উদ্বোধন কৰিলে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই | লগতে কৰিমগঞ্জ অসামৰিক চিকিৎসালয় 200 খন বিচনাযুক্তৰ পৰা 300 খন বিচনালৈ বৃদ্ধি কৰে ৷
তাৰোপৰি কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত এপ'ল চিকিৎসালৰ সহযোগত কিডনিৰ চিকিৎসাৰ বাৱে সম্পূৰ্ণ বিনামূলীয়া এখন অত্যাধুনিক ডাইলাছিচ ইউনিট বনোৱা হ'ব বুলি মন্তব্য কৰে |