ETV Bharat / state

ৰাতাবাৰীৰ উপ-নিৰ্বাচনত মন্ত্ৰী হিমন্তৰ প্ৰচাৰ

চাহ জনগোষ্ঠীৰ লোকক বিভিন্ন সুবিধা প্ৰদানৰ প্ৰতিশ্ৰুতি ৷ ৰাতাবাৰী নিৰ্ণায়ক ৰূপত চাহ জনগোষ্ঠীয় ভোটাৰ ৷ বিজেপি চৰকাৰৰ দিনত ৰাজ্যৰ হিন্দী ভাষীসকলৰ সুৰক্ষা বৃদ্ধি পোৱাৰ মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

ৰাতাবাৰী দুৰ্লভছৰাৰ বিশাল নিৰ্বাচনী জনসভাত ড৹ হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : Oct 16, 2019, 7:45 PM IST

কৰিমগঞ্জ, 16 অক্টোবৰঃ কৰিমগঞ্জৰ ৰাতাবাৰী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত দলীয় প্ৰাৰ্থী বিজয় মালাকাৰৰ হৈ জোৰদাৰ প্ৰচাৰ চলালে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ 15 অক্টোবৰৰ পৰাই ৰাতাবাৰীত প্ৰচাৰত ব্যস্ত থকা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 7 খন জনসভাৰ লগতে এটা ৰোড শ্ব' সম্পন্ন কৰে ৷ ৰাতাবাৰী বিধানসভা সমষ্টিৰ দুৰ্লভছৰাত অনুষ্ঠিত এক বিশাল জনসভাত মন্ত্ৰী শৰ্মাই চাহ জনগোষ্ঠী তথা হিন্দীভাষী ভোটাৰক আকৰ্ষণ কৰাৰ বাবে বিভিন্ন সুবিধা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

কৰিমগঞ্জৰ ৰাতাবাৰী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰত ড৹ হিমন্ত বিশ্ব শৰ্মা

মেট্ৰিক পাছ কৰাৰ পাচত চাহ জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰীক দহ হেজাৰকৈ টকা দিয়া,বাগানৰ শ্ৰমিকক বিনামূলীয়াকৈ চেনী প্ৰদান কৰা ইত্যাদি বিভিন্ন প্ৰতিশ্ৰুতিৰে তেওঁ ভোটাৰৰ মন আকৰ্ষিত কৰাৰ চেষ্টা কৰে ৷ বিজেপি চৰকাৰৰ দিনত ৰাজ্যৰ হিন্দী ভাষীসকলৰ সুৰক্ষাও বৃদ্ধি পোৱা বুলি তেওঁ মন্তব্য কৰে ৷

ৰাতাবাৰী মুঠ ভোটাৰৰ সংখ্যা হৈছে 1 লাখ 62 হেজাৰ ৷ ইয়াৰে সংখ্যালঘু ভোটাৰৰ সংখ্যা 52 হেজাৰ,হিন্দু বঙালী ভোটাৰৰ সংখ্যা 62 হেজাৰ,মণিপুৰী ভোটাৰ 12 হেজাৰ,উপজাতিৰ ভোটাৰ হৈছে 3.5 হেজাৰ আৰু চাহ জনগোষ্ঠীয় ভোটাৰৰ সংখ্যা হৈছে 34 হেজাৰ। সেয়ে গৰিষ্ঠসংখ্যক সংখ্যালঘু ভোট যদি কংগ্ৰেছে লাভ কৰে আৰু হিন্দু বঙালীৰ গৰিষ্ঠসংখ্যক ভোট যদি বিজেপিয়ে লাভ কৰে তেন্তে চাহ জনগোষ্ঠীয় ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। সেইবাবেই চাহ জনগোষ্ঠীয় ভোটাৰৰ সম্পৰ্কত অধিক গুৰুত্ব আৰোপ কৰা হৈছে ৷ আনহাতে,বুধবাৰে দুৰ্লভছৰাৰ এই জনসভাত সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়িকা কুমাৰী ৰবিদাসৰ পুত্ৰ ৰাজীব ৰবিদাস সহ শতাধিক কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰে ।

Intro:Body:SLUG.MINISTER HIMANTA ELECTION CAMPAIGN.

 ৰাতাবাৰীত পূৰ্বৰ দৰে প্ৰতিশ্ৰুতিৰ বান বোষালে মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।  ৰাতাবাৰী সমষ্টিত যোৱাকালিৰ পৰাই প্ৰচাৰ অভিযানত ব্যস্ত আছিল মন্ত্ৰী গৰাকী । 7 টা জনসভাৰ লগত এটা ৰোড শো কৰি বিজেপি কৰ্মী সমৰ্থকৰ মাজত যতেষ্ঠ শক্তিৰ সঞ্চাৰ কৰিলে । যিহেতু ৰাতাবাৰী সমষ্টিত প্ৰতিবাৰেই নিৰ্ণণায়ক ভূমিকা গ্ৰহণ কৰে চা জনগোষ্ঠী তথা হিন্দীভাষী ভোটাৰে  । সেয়ে হিন্দীভাষী ভোটাৰক আকৃষ্ট কৰাৰ লক্ষ্য হিচাপে বাছি লয় মন্ত্ৰী গৰাকীয়ে  । সমষ্টিটোৰ দূৰ্লভছৰাত অন্তিমটো জনসভাত মন্ত্ৰীয়ে কলে চা জনগোষ্ঠীয় ছাত্ৰছাত্ৰীয়ে মেট্ৰিক পাছ কৰাৰ পিছত একেলগে পাব দহ হেজাৰ কৈ টকা । কলেজ লৈকে ফ্ৰী হব চা জনগোষ্ঠীয় ছাত্ৰছাত্ৰীৰ পৰাশুনা  । বাগান শ্ৰমিকক বিনামূলীয়া কৈ দিয়া হব চেনী ।সাধাৰণ লোকৰ বাবে চৰকাৰে চেনী উপলব্ধ কৰিব । আনহাতে হিন্দীভাষী ভোটাৰক আকৃষ্ট কৰিবলৈ গৈ হিমন্তই কলে কংগ্ৰেছৰ দিনত  হিন্দীভাষী লোকৰ ওপৰত যথেষ্ট আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল যদিও বিজেপিৰ দিনত অসমত হিন্দীভাষী লোকসকল সম্পূৰ্ণ সুৰক্ষিত । বিজেপিৰ দিনত চাহ জনগোষ্ঠীয় চাৰিজন সাংসদ আছে আৰু মন্ত্ৰীও দিয়া হৈছে চাহ জনগোষ্ঠীৰ পৰা । আনহাতে আজিৰ এই জনসভাত সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী  বিধায়কা কুমাৰী ৰবিদাসৰ পুত্ৰ ৰাজীব ৰবিদাস সহ শতাধিক কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰে । উল্লেখযোগ্য যেন ৰাতাবাৰী মোট ভোটাৰৰ সংখ্যা হৈছে এক লাখ বাশষ্টি হেজাৰ । ইয়াৰে সংখ্যালঘু ভোটাৰৰ সংখ্যা 52 হেজাৰ, হিন্দু বঙালী ভোটাৰ হৈছে 62 হেজাৰ, মনিপুৰী ভোটাৰ  হৈছে 12 হেজাৰ, উপজাতিয় ভোটাৰ হৈছে 3.5 হেজাৰ  আৰু চাহ জনগোষ্ঠীয় ভোটাৰৰ সংখ্যা হৈছে 34 হেজাৰ । সেয়ে গৰিষ্ঠ সংখ্যক সংখ্যালঘু ভোটাৰ ভোট যদি কংগ্ৰেছে লাভ কৰে আৰু হিন্দু বঙালী গৰিষ্ঠ সংখ্যক ভোট যদি বিজেপিয়ে লাভ কৰে তেন্তে চাহ জনগোষ্ঠীয় ভোটাৰে নিশ্চিত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব । সেয়ে চাহ জনগোষ্ঠীয় ভোটাৰক আকৰ্ষিত কৰাৰ প্ৰচেষ্টা চলাইছে মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.