কৰিমগঞ্জ, 17 ছেপ্তেম্বৰ : কৰিমগঞ্জত ব্যক্তিগত খণ্ডৰ বিদ্যালয় ইষ্ট পইন্ট পাব্লিক স্কুলৰ প্ৰধান শিক্ষক এ. বি. হান্নানে নিজ বিদ্যালয়ৰ ছাত্ৰীৰ ফটো প্ৰকাশ কৰি দাবী কৰিছে যে, বিদ্যালয়ৰ ছাত্ৰীসকলে হিজাব পিন্ধাটো বাধ্যতামূলক কৰা হৈছে ৷ ছেবাৰ নিয়ন্ত্ৰণাধীন বিদ্যালয়খনত হিজাব পিন্ধা বাধ্যতামূলক কৰা পাছতে সৃষ্টি হয় বিতৰ্কৰ ৷ সোমবাৰে ফেছবুক পোষ্টৰ জৰিয়তে এই কথা প্ৰকাশ কৰাৰ পাছত মঙলবাৰে বিদ্যালয়ত উপস্থিত নহ'ল প্ৰধান শিক্ষক হান্নান ৷
বিদ্যালয় পৰিচালন সমিতিৰ সদস্য ৰুপন চৌধুৰীয়ে মন্তব্য কৰে যে, হিজাব পিন্ধি অহাটো বাধ্যতামূলক নহয় ৷ আনকি বিদ্যালয়ৰ 80 শতাংশ শিক্ষক অমুছলিম বুলিও দাবী কৰে চৌধুৰীয়ে ।