ETV Bharat / state

হঠাৎ কিয় খঙত অগ্নিশৰ্মা হ’ল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

স্বাস্থ্য বিভাগৰ নতুন দায়িত্ব গ্ৰহণ কৰাৰ পিছত কেশৱ মহন্ত সোমবাৰে উপস্থিত হয় কৰিমগঞ্জ জিলাত ৷ চিকিৎসালয়ৰ অপৰিস্কাৰ পৰিৱেশ প্ৰত্যক্ষ কৰি খং উঠে স্বাস্থ্যমন্ত্ৰীৰ ৷ আগন্তুক দিনত চিকিৎসালয়ত পৰিৱেশ চাফ চিকুণকৈ ৰাখিব নোৱাৰিলে যুটীয়া সঞ্চালকৰ বিৰুদ্ধে কঠোৰ ব্যবস্থা গ্ৰহণ কৰা হ’ব সকীয়নি প্ৰদান ৷

author img

By

Published : May 17, 2021, 11:04 PM IST

Updated : May 18, 2021, 2:18 PM IST

health minister visit karimganj district

কৰিমগঞ্জ, 17 মে' : কৰিমগঞ্জ জিলাত উপস্থিত হৈ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি খঙত অগ্নিশৰ্মা হৈ পৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত । স্বাস্থ্য বিভাগৰ নতুন দায়িত্ব গ্ৰহণ কৰাৰ পাচত স্বাস্থ্য বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত সোমবাৰে উপস্থিত হয় কৰিমগঞ্জত । জিলাখনত উপস্থিত হোৱাৰ পাচত প্ৰথমতে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ৰ অৱস্থাৰ বুজ ল’বলৈ অসামৰিক চিকিৎসালয়ত উপস্থিত হয় নতুনকৈ দায়িত্বভাৰ লোৱা স্বাস্থ্যমন্ত্ৰীগৰাকী । চিকিৎসালয়ৰ অপৰিস্কাৰ পৰিৱেশ প্ৰত্যক্ষ কৰি খং উঠে স্বাস্থ্যমন্ত্ৰীৰ ।

স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক অনুপ দৈত্যাৰীক এই পৰিৱেশৰ কাৰণ জানিব বিচৰাত উত্তৰ দিব নোৱাৰিলে যুটীয়া সঞ্চালকগৰাকীয়ে । অৱশেষত যুটীয়া সঞ্চালক অনুপ দৈত্যাৰীক এক প্ৰকাৰ সকীয়নি প্ৰদান কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই । আগন্তুক দিনত চিকিৎসালয়ত পৰিৱেশ চাফ চিকুণকৈ ৰাখিব নোৱাৰিলে যুটীয়া সঞ্চালকৰ বিৰুদ্ধে কঠোৰ ব্যবস্থা গ্ৰহণ কৰা হ’ব সকীয়নি প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে । চিকিৎসালয় পৰিদৰ্শন কৰাৰ পাচত জিলা উপায়ুক্তৰ লগতে চৰকাৰী বিষয়াৰ লগতে জিলাখনৰ ক’ভিড পৰিস্থিতি সম্পৰ্কত আলোচনাত মিলিত হয় ৷

হঠাৎ কিয় খঙত অগ্নিশৰ্মা হ’ল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

কৰিমগঞ্জৰ ক’ভিড চিকিৎসালয়ত আই চি ইউৰ কাম খুব সোনকালে সমাপ্ত হোৱাৰ লগতে জিলাখনত অক্সিজেন প্লান্ট বনোৱা হ’ব বুলি মন্তব্য কৰে ৷ জিলাখনত কন্টেইনমেন্ট জ’ন এলেকাত থকা যি সকল দৰিদ্ৰ সীমাৰ তলত থকা লোক থাকিব ৷ চৰকাৰৰ ফালৰ পৰা দুই হেজাৰ টকা সাহায্য আগবঢ়োৱা হ’ব বুলি উল্লেখ কৰে ।

লগতে পঢ়ক : ধুবুৰীত ১৯৪৪ জনলৈ বৃদ্ধি কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা

Last Updated : May 18, 2021, 2:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.