কৰিমগঞ্জ, ১৩ জুন : ইম্ফল উপত্যকাত পুনৰ পৰিস্থিতি অধিক ভয়াৱহ হৈছে । যাৰ বাবে প্ৰভাৱিত হৈছে পথ যোগাযোগ ব্যৱস্থা । বিশেষকৈ মালবাহী ট্ৰাকসমূহ পথ অৱৰোধৰ বাবে আবদ্ধ হৈ থাকিবলগীয়া হৈছে । উল্লেখ্য যে মণিপুৰৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে ৰাজ্যখনৰ কুকি সংগঠনসমূহে নাগালেণ্ড-মণিপুৰ ৰাষ্ট্ৰীয় ঘাইপথটো দ্বিতীয়বাৰৰ বাবে অৱৰোধ কৰে । যাৰ কাৰণে বৰ্তমান অসম-মণিপুৰ সংযোগক সুৰক্ষিত কৰি ৰখা জিৰিবামৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথটো মণিপুৰৰ বাবে জীৱন ৰেখাত পৰিণত হৈছে ।
এই পথেৰে অসম ৰাইফলছৰ কঠোৰ নিৰীক্ষণত লাহে লাহে ইম্ফললৈ ৰাওনা হৈছে মালবাহী ট্ৰাক । ইম্ফলত বসবাস কৰা লোকসকললৈ অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰী তথা ঔষধ আদি ট্ৰাকত প্ৰেৰণৰ ব্যৱস্থা কৰিছে অসম ৰাইফলছৰ জোৱানে । বৰ্তমান ইম্ফল-নাগালেণ্ড ৰাষ্ট্ৰীয় ঘাইপথটো অতি সোনকালে ডি-ব্লক কৰাটো চৰকাৰৰ দায়িত্বৰ ভিতৰত পৰিছে । কিয়নো তাত যাতে অধিক পৰিমাণত এনে মালবাহী ট্ৰাক উপস্থিত হয় আৰু বৰ্তমান ভয়াৱহ পৰিস্থিতিৰ মাজেৰে দিন কটোৱা মণিপুৰবাসীৰ সমস্যা সমাধান হয় ।
আনহাতে, স্থানীয় মণিপুৰী মহিলাসকলে নিজৰ ঘৰ-দুৱাৰ আৰু গাঁও ৰক্ষাৰ বাবে সন্ধিয়া ৬ বজাৰ পৰা নিশা ১২ বজালৈকে নিজৰ গাঁৱৰ বিভিন্ন অঞ্চলত পহৰাৰ ব্যৱস্থা কৰিছে । লগতে অঞ্চলবোৰত যাতে কোনো ধৰণৰ আক্ৰমণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে তেওঁলোকে নিজৰ গাঁৱৰ বিভিন্ন পথত জোঁৰ লৈ ঘূৰি ফুৰা প্ৰত্যক্ষ কৰা হৈছে । ইয়াৰ উপৰি ভুৱা তথা উৰাবাতৰিত প্ৰভাৱিত হৈ যাতে কাৰো ঘৰ ধ্বংস নহয় তাৰ বাবেও চোকা দৃষ্টি ৰাখিছে । উল্লেখ্য যে নিশা ১২ বজাৰ পিছত স্থানীয় যুৱক-যুৱতীসকলে পহৰা দিয়াৰ ব্যৱস্থা কৰিছে, যাতে কোনেও নিজৰ ঘৰ-দুৱাৰ বা গাঁৱৰ ক্ষতি কৰিব নোৱাৰে ।
উল্লেখ্য যে মণিপুৰত ডেৰমাহ পূৰ্বে মেইটেই আৰু কুকি সম্প্ৰদায়ৰ মাজত এক জাতিগত হিংসা আৰম্ভ হয়, য'ত ১০০ জন লোক নিহত হোৱাৰ উপৰি ৩১০ জন আহত হয় ।
লগতে পঢ়ক :Manipur Violence : মণিপুৰ শান্তি সমিতিত অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ মেইটেই গোটৰ