ETV Bharat / state

চিকিৎসালয়ৰ পৰা অব্যাহতি কৰিমগঞ্জৰ চাৰি কৰ’ণা ৰোগীক

author img

By

Published : Jun 7, 2020, 1:24 PM IST

আতংকৰ মাজতো কৰিমগঞ্জবাসীৰ বাবে এক সুখবৰ ৷ জিলাখনত কৰ’ণা ভাইৰাছত আক্ৰান্ত চাৰিজন ৰোগী এসপ্তাহৰ ভিতৰত সুস্থ হোৱাত চিকিৎসালয়ৰ পৰা প্ৰেৰণ কৰা হৈছে কোৱাৰেণ্টাইন কেন্দ্ৰলৈ । ব্যক্তিকেইজনে পৰৱৰ্তী এসপ্তাহ থাকিব লাগিব কোৱাৰেণ্টাইন কেন্দ্ৰত ৷

Four people cured from covid 19 in a week karimganj assam etv bharat news
কৰ’ণা ভাইৰাছৰ পৰা সুস্থ চাৰি ব্যক্তি

কৰিমগঞ্জ,7 জুন: কৰিমগঞ্জত Covid 19 ত আক্ৰান্ত হোৱাৰ পৰা ক্ৰমাৎ সুস্থ হৈ উঠিছে চাৰিগৰাকী ব্যক্তি ৷ এই ব্যক্তি কেইগৰাকীক চিকিৎসালয় কৰ্তৃপক্ষই অব্যাহতি দিয়াৰ লগতে প্ৰেৰণ কৰে কোৱাৰেণ্টাইন কেন্দ্ৰলৈ ৷ পৰৱৰ্তী এসপ্তাহৰ বাবে ব্যক্তি কেইগৰাকীক ৰখা হ’ব কোৱাৰেণ্টাইন কেন্দ্ৰত ৷ জিলাখনৰ Covid 19 চিকিৎসালয়ৰ পৰা মুকলি হোৱা প্ৰথমটো চাৰিজনীয়া দলক অভিবাদন জনাই স্থানীয় বিধায়ক কৃষ্ণেন্দু পালে ।

কৰ’ণা ভাইৰাছৰ পৰা সুস্থ চাৰি ব্যক্তি

উল্লেখ্য যে, বহিঃৰাজ্যৰ পৰা অহা লোকৰ দেহত সংক্ৰমণ ঘটা কৰ’ণা আক্ৰান্ত ৰোগীৰ চিকিৎসা চলি আছে কৰিমগঞ্জৰ Covid 19 চিকিৎসালয়ত । ইতিমধ্যে মুকলি হোৱা চাৰিজনীয়া দলটোৰ ব্যক্তিসকলৰ কৰা স্বাৱ পৰীক্ষাৰ ফলাফল দুবাৰকৈ নিগেটিভ আহে । ফলত শনিবাৰে নিশা চিকিৎসালয়ৰ পৰা মুকলি কৰা হয় দলটোক ৷ সম্প্ৰতি দলটোক শ্ৰীগৌৰী কোৱাৰেণ্টাইন কেন্দ্ৰত ৰখা হৈছে ৷ কোৱাৰেণ্টাইন সম্পূৰ্ণ হোৱাৰ পিছতে দলটোক ঘৰলৈ যোৱাৰ অনুমতি প্ৰদান কৰিব প্ৰশাসন তথা স্বাস্থ্য বিভাগে ৷ বিষয় সন্দৰ্ভত জিলা উপায়ুক্ত আন্বামুথান এম পিয়ে কৰিমগঞ্জৰ চিকিৎসালয়ত 41 গৰাকী কৰ’ণা ৰোগী থকাৰ বিপৰীতে চাৰিজনক মুকলি কৰি দিয়া হোৱাৰ কথা উল্লেখ কৰে ৷

লগতে চাওকঃ আদবাটত ব্ৰহ্মপুত্ৰ মেইলৰ চেইন টানি পলায়ন যাত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.