কৰিমগঞ্জ, 25 ডিচেম্বৰ : অৱশেষত কৰিমগঞ্জৰ বদৰপুৰ ৰেল ষ্টেচন আহি পালে লাইফ লাইন এক্সপ্ৰেছে ৷ অহা 5 জানুৱাৰীৰ পৰা 24 জানুৱাৰীলৈকে বৰাক উপত্যকাৰ বদৰপুৰ ৰেলৱে' ষ্টেচনত ৰাইজৰ মাজত প্ৰদান কৰিব বিনামূলীয়া স্বাস্থ্য সেৱা ৷
![First Life line express at Badarpur railway station](https://etvbharatimages.akamaized.net/etvbharat/prod-images/askxj801to803firstlifelineexpresslandedatbadarpurrailwaystation_25122020153351_2512f_1608890631_215.jpg)
উল্লেখ্য যে, লাইফ লাইন এক্সপ্ৰেছৰ জৰিয়তে দেশৰ বিভিন্ন স্থানত বিনামূলীয়াকৈ স্বাস্থ্য পৰিসেৱা প্ৰদান কৰিব ৰেল বিভাগে ৷ এই লাইফ লাইন এক্সপ্ৰেছত আছে দুটাকৈ অত্যাধুনিক অস্ত্ৰোপচাৰ থিয়েটাৰ, ভেন্টিলেচন, দুটাকৈ ডেন্টেল ক্লিনিক, চনোগ্ৰাফী, এক্সৰে' লগতে আন সুবিধা ৷ বিশেষ ৰেলখনত আছে বিভিন্ন অত্যাধুনিক চিকিৎসা সামগ্ৰী ৷ ৰেল বিভাগৰ এই বিশেষ ৰেলখন প্ৰথমবাৰৰ বাবে বৰাক উপত্যকাত আহি উপস্থিত হোৱাৰ পাছতে এতিয়া উৎফুল্লিত হৈ পৰিছে বৰাকৰ ৰাইজ ৷
লগতে পঢ়ক: কেৰলৰ ধ্বনিৰে মুখৰিত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো গীর্জাঘৰ