কৰিমগঞ্জ,17 অক্টোবৰ: কৰিমগঞ্জৰ বাসীৰগ্ৰামত শুকুৰবাৰে নিশা সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড ৷ এগৰাকী পঞ্চায়ত সদস্যৰ বাসগৃহত হোৱা জুইৰ সূত্ৰপাতৰ ফলত পঞ্চায়ত সদস্য গৰাকীৰ কেইবা লাখ টকাৰ সা-সম্পত্তি জুইত জাহ যায় ৷
স্থানীয় ৰাইজে জুই নুমুৱাবলৈ চেষ্টা কৰি ব্যৰ্থ হোৱাত অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াৰ পাচতহে জুই নুমায় ৷ অৱশ্যে বৰ্তমানো অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা নাই ৷
লগতে পঢ়ক: বানে ধোৱা পথাৰত নজ্বলে কাতিৰ বন্তি