কৰিমগঞ্জ,21 মে’: কৰিমগঞ্জ জিলাৰ ছলামনাত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড । দিনৰ পোহৰতে দুগৰাকী পুত্ৰই দাৰে ঘপিয়াই হত্যা কৰিলে পিতৃক । ঘটনা অনুসৰি দিনৰ 11.30 বজাত পিতৃ হাৰিছ আলীক ঘৰৰ পৰা মাতি নিয়ে দুই পুত্ৰ ক্ৰমে নচিম উদ্দিন আৰু শ্বৰীফ উদ্দিনে ৷
পৰৱৰ্তী সময়ত ঘৰৰ বাহিৰত থকা খেলপথাৰ এখনত পিতৃক লৈ যায় দুই পুত্ৰই আৰু তাৰ পিছতেই আলীক উপৰ্যুপৰি দাৰে ঘপিয়াই মূৰৰ লগতে শৰীৰৰ আন আন স্থান ক্ষত-বিক্ষত কৰে দুই পুত্ৰই ।
হাৰিছ আলীক এনে অৱস্থাত দেখি ওচৰ-চুবুৰীয়া ওলাই আহে ৷ ৰাইজৰ সমাগম হোৱা দেখি ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুই ভাতৃয়ে । ইপিনে এই আক্ৰমণৰ পিছত ঘটনাস্থলীতেই প্ৰাণ হেৰুৱাই হাৰিছ আলীয়ে ৷
ইপিনে ঘটনাৰ পিছত বাজাৰিচৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক হাস্পতাললৈ প্ৰেৰণ কৰে ।
আনহাতে, ঘটনাৰ প্ৰকৃত কাৰণ কি আছিল সেয়া বৰ্তমানলৈকে পোহৰলৈ অহা নাই । মৃত্যুৰ সময়ত আলীৰ বয়স আছিল প্ৰায় 60 বছৰ ৷
লগতে পঢ়ক: বিধায়ক হিচাপে শপত ল’লে অখিল গগৈয়ে