কৰিমগঞ্জ, 29 আগষ্টঃ দীঘলীয়া বিদ্যুৎ কৰ্তন এতিয়া নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে ৷ দীঘলীয়া সময় বিদ্যুৎ কৰ্তনৰ বাবে কৰিমগঞ্জ বাসীয়ে চৰম দুৰৱস্থাৰ সন্মুখীন হৈছে ৷
উৎকট গৰমৰ মাজত বিদ্যুৎ নাটনিয়ে চিকিৎসালয় সমূহত ৰোগী সুস্থ হোৱাৰ বিপৰীতে অসুস্থ হোৱাৰ পথলৈ গতি কৰিছে ৷ যাৰ ফলত মমবাতিৰ পোহৰত পঢ়িব লগীয়া হৈছে ছাত্ৰ-ছাত্ৰী সকলে ৷ ইপিনে আন্ধাৰৰ মাজত ব্যৱসায় চলা নাই ব্যৱসায়ী সকলৰো ৷ অভিযোগ অনুসৰি জিলা খনত দুই-চাৰি ঘন্টাৰ অধিক বিদ্যুৎ পোৱাটো অসম্ভৱ কথা হৈ পৰিছে ৷ কেতিয়াবা আকৌ একেৰাহে 24-36 ঘন্টালৈকে বিদ্যুৎ সেৱা বন্ধ ব্যাহত হৈ থাকে ৷ মঙলবাৰে নিশা 12 বজাত যান্ত্ৰিক বিজুতিৰ বাবে বিদ্যুৎ পৰিসেৱা বন্ধ হোৱাত বুধবাৰে নিশা 9 বজালৈকে বিদ্যুৎ সেৱা দিব পৰা নাছিল বিদ্যুৎ বিতৰণ কোম্পানীয়ে ৷ উল্লেখ্য যে জিলা খনত বিদ্যুতৰ চাহিদা বৃদ্ধি পালেও জিলাখনত নাই 132 কে.ভি. চাবষ্টেচন ৷ 35 কিলোমিটাৰ দূৰৈৰ পৰা সাধাৰণ খুটাৰে অনা লাইনৰে যোগান ধৰা হয় বিদ্যুৎ পৰিসেৱা । সেয়ে অবিৰতভাৱে বিকল হৈ পৰে বিদ্যুৎ পৰিবাহী লাইনসমূহ। ফলত সাধাৰণ ৰাইজে হাৰাশাস্তি ভুগিব লগীয়া হয় ৷