ৱদৰপুৰ, 26 জুনঃ ছয় নং ৰাষ্ট্ৰীয় ঘাইপথ পৰা আদৰকোনা অঞ্চলৰ মাজৰ পথছোৱাৰ চৰম দুৰাৱস্থা ৷ বিগত বহুদিন ধৰি পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে জীয়াতু ভূগি আছিল ইয়াৰে পথচাৰী সকলে ৷
অৱশেষত ইটিভি ভাৰতৰ বাতৰি পাচতেই গা লৰিছে কৰিমগঞ্জৰ জিলা প্ৰশাসনৰ ৷ দুদিন ধৰি নিৰ্মাণ কৰা হৈছে এটা কালভাৰ্ট ৷ অৱশ্যে এতিয়াও সম্পূৰ্ণ ৰূপে যাতায়তৰ উপযুক্ত হৈ উঠা নাই পথটো ৷ এতিয়া ৰাইজৰ এটাই আশা শীঘ্ৰে সম্পূৰ্ণ কৰা হওক পথচোৱাৰ মেৰামতিৰ কাম ।