বদৰপুৰ, 5 মাৰ্চঃ চৰকাৰী সাহাৰ্য অবিহনে স্বাৱলম্বীতাৰ এক নিদৰ্শন দাঙি ধৰিছে কৰিমগঞ্জ জিলাৰ বদৰপুৰ সমষ্টিৰ এজন লোকে ৷ জীৱন যুঁজত হাৰ নমনা এই ব্যক্তিগৰাকীৰ নাম আছাদ উদ্দীন ৷ বৰাক নৈৰ পাৰত আছে তেওঁৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠান ৷ বাঁহৰে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী গুৱাহাটীৰ লগতে কলিকতা আদি কেইবাখনো বহিঃ ৰাজ্যলৈ যায় আচাদৰ বিভিন্ন সামগ্ৰী ৷ আচাদে জনোৱা মতে বহুবাৰ তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন বৰাক নৈৰ গড়াখহনীয়াত পৰিছে যদিও তেওঁ বহু কষ্টেৰে পুনৰ নিৰ্মাণ কৰিছে সেই প্ৰতিষ্ঠানখন ৷ বৰ্তমান তেওঁৰ অধীনত কাম কৰি আছে কেইবাগৰাকীও লোকে ৷
লগতে পঢ়কঃ এজন স্বভাৱজাত,প্ৰচাৰ বিমুখ শিল্পী-লোকনাথ বৰা