কৰিমগঞ্জ,5 জুলাই : ৰাজ্যত বিপদজনকভাৱে বিদ্যুৎ যোগানৰ অভিযোগ ৷ মানুহৰ জীৱনক লৈ হেতালি খেলি বাঁহৰ খুটাত বিপদসংকুলভাৱে বিদ্যুৎ সংযোগ অব্যাহত ৰাখিছে ৰাজ্যৰ শক্তি বিভাগে ৷ কৰিমগঞ্জ জিলাৰ ৰাতাবাৰি সমষ্টিৰ চেৰাগিবন্দ এলেকাত বাঁহৰ খুটাৰে বিদ্যুৎ সংযোগ অব্যাহত ৰাখিছে ৷ ইতিমধ্যে,এনে কাৰণত এটাৰ পাচত এটা দুৰ্ঘটনা সংঘটিত হৈ আহিছে যদিও এইক্ষেত্ৰত কোনো সমাধান উলিয়াব পৰা নাই বিভাগীয় কৰ্তৃপক্ষই ৷ বাঁহৰ খুটাৰে বিদ্যুৎ সংযোগ দিয়াৰ ফলত যিকোনো সময়তে সংঘটিত হ'ব পাৰে দুৰ্ঘটনা, যাৰবাবে শংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । বিগত দুবছৰ ধৰি বাঁহৰ খুটাৰে বিদ্যুৎ পৰিবাহী লাইন চলিছে বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে। যি সময়ত চৰকাৰে ডিজিটেল ইণ্ডিয়াৰ শ্ল’গান আওৰাই আহিছে সেই সময়ত গ্ৰামাঞ্চলৰ এই ছবিয়ে উন্নয়নৰ প্ৰকৃত ছবি উদঙাই দিছে ৷
কৰিমগঞ্জত বাঁহৰ খুটাৰে বিদ্যুৎ সংযোগ শক্তি বিভাগৰ
কৰিমগঞ্জত বাঁহৰ খুটাৰে বিদ্যুৎ সংযোগ ৷ দুৰ্ঘটনাকলৈ শংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ
কৰিমগঞ্জ,5 জুলাই : ৰাজ্যত বিপদজনকভাৱে বিদ্যুৎ যোগানৰ অভিযোগ ৷ মানুহৰ জীৱনক লৈ হেতালি খেলি বাঁহৰ খুটাত বিপদসংকুলভাৱে বিদ্যুৎ সংযোগ অব্যাহত ৰাখিছে ৰাজ্যৰ শক্তি বিভাগে ৷ কৰিমগঞ্জ জিলাৰ ৰাতাবাৰি সমষ্টিৰ চেৰাগিবন্দ এলেকাত বাঁহৰ খুটাৰে বিদ্যুৎ সংযোগ অব্যাহত ৰাখিছে ৷ ইতিমধ্যে,এনে কাৰণত এটাৰ পাচত এটা দুৰ্ঘটনা সংঘটিত হৈ আহিছে যদিও এইক্ষেত্ৰত কোনো সমাধান উলিয়াব পৰা নাই বিভাগীয় কৰ্তৃপক্ষই ৷ বাঁহৰ খুটাৰে বিদ্যুৎ সংযোগ দিয়াৰ ফলত যিকোনো সময়তে সংঘটিত হ'ব পাৰে দুৰ্ঘটনা, যাৰবাবে শংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । বিগত দুবছৰ ধৰি বাঁহৰ খুটাৰে বিদ্যুৎ পৰিবাহী লাইন চলিছে বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে। যি সময়ত চৰকাৰে ডিজিটেল ইণ্ডিয়াৰ শ্ল’গান আওৰাই আহিছে সেই সময়ত গ্ৰামাঞ্চলৰ এই ছবিয়ে উন্নয়নৰ প্ৰকৃত ছবি উদঙাই দিছে ৷
এটাৰ পিছত এটা দুৰ্ঘটনা নিৰীহ লোকৰ প্ৰাণ কাঢ়ি ললেও কানষাৰ নাই বিদ্যুৎ বিভাগৰ।যতে ততে বাঁহৰ খুটাৰে বিদ্যুৎ সংযোগ অব্যাহত ৰাখিছে ৰাজ্যেৰ বিদ্যুত বিভাগখনে।এইবাৰ একই দৃশ্য পোহৰলৈ আহিল কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী সমষ্টিৰ চেৰাগিবন্দ এলেকাত।যি সময়ত চৰকাৰে ডিজিটেল ইণ্ডিয়াৰ সপোন দেখুয়াইছে ঠিক এই মুহূৰ্তত বাঁহৰ খুটাৰে বিদ্যুৎ সংযোগ প্ৰদান কৰি ডিজিটেল ইণ্ডিয়াৰ নামক চূড়ান্ত অবমান না কৰিছে ।এয়াই নহয় বাঁহৰ খুটাৰে সংযোগ দিয়াৰ ফলত যি কোনো সময়ত ঘটিব পাৰে বৃহৎ আকাৰৰ দুৰ্ঘটনা।স্থানীয় ৰাইজে আমাক জনাইছে যোৱা দুবছৰ ধৰি একই বাঁহৰ খুটাৰে চলিছে বিদ্যুৎ পৰিবাহী লাইন।ৰাইজে ভুগিছে চৰম আতংকত।আৰু কিমান প্ৰাণ লব বিভাগটোৱে এয়াই ডাঙৰ প্ৰশ্ন।
বাঁহৰ খুটাৰে বিদ্যুৎ সংযোগ বিদ্যুৎ বিভাগৰ।Conclusion:পিছে বিভাগটোৰ একাংশ কাৰ্যকর্তাৰ এনে কাৰ্যৰ বিৰুদ্ধে কিবা ব্যৱস্থা লোৱা হয় নে নহয় এয়াই লাখ টকীয়া প্ৰশ্ন।