ETV Bharat / state

ফুলাম গামোচাত জিলিকিল ঘোষাৰ পৰা আদি কৰি বিভিন্নজন ব্যক্তিৰ প্ৰতিচ্ছবি - JONAI WEAVER

তাঁতশালত জিনু চুতীয়া বৰুৱাই চাৰি ফুট বহল আৰু আঠ ফুট দীঘল গামোচাত ফুল বাচি লিখি উলিয়াইছে কীৰ্তন ঘোষাৰ তিনিটা খণ্ড ৷

Weaver in Assam
ফুলাম গামোচাত জিলিকিল ঘোষাৰ পৰা আদি কৰি বিভিন্নজন ব্যক্তিৰ প্ৰতিচ্ছবি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 7, 2024, 9:38 PM IST

জোনাই : বয়ন শিল্পক সজীৱ কৰি ৰখাৰ মানসিকতাৰে আগুৱাই গৈছে অসম অৰুণাচল সীমান্তৱৰ্তী জোনাইৰ কমলপুৰৰ নিবাসী জিনু চুতীয়া বৰুৱা ৷ তেওঁ ঐকান্তিক প্ৰচেষ্টাৰে তাঁতশালত বৈ উলিয়াইছে নামঘোষাৰ বিভিন্ন পদ-ঘোষা ধৰি বিভিন্ন জনৰ জীৱনৰ চিত্ৰ ৷

কোনো ফুলৰ চানেকি ব্যৱহাৰ নকৰাকৈ, কেৱল ফটো চাই জোনাইৰ জিনু চুতীয়া বৰুৱাই তাঁতশালত বৈ উলিয়াইছে চাৰি ফুট বহল আৰু আঠ ফুট দীঘল গামোচাত কীৰ্তন ঘোষাৰ "নাম অপৰাধ"ৰ তিনিটা খণ্ড ৷ ইয়াৰ পূৰ্বেও জিনুৱে ঐকান্তিক প্ৰচেষ্টাৰে ২০১৬ চনত প্ৰায় ১৩ ফুট দীঘল গামোচাত সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ ফটোসহ দহটা লোকপ্ৰিয় গীত ৷

ফুলাম গামোচাত জিলিকিল ঘোষাৰ পৰা আদি কৰি বিভিন্নজন ব্যক্তিৰ প্ৰতিচ্ছবি (ETV Bharat Assam)

লগতে ২০১৭ চনত প্ৰায় আঠ মাহৰ প্ৰচেষ্টাৰ অন্তত ১২৪ ফুট দীঘল গামোচাত মহাপুৰুষ শংকৰদেৱৰ ফটোসহ ৩৪ টা বৰগীত লিখি উলিয়াইছিল ৷ ইয়াৰ লগতে ১৩ ফুট দীঘল গামোচাত ৮ টা গায়ন মালিতাৰ ফুল বাছি উলিয়াবলৈ সক্ষম হৈছে জিনুয়ে ৷

২০১৮ বৰ্ষত জিনু বৰুৱাই ২০ ফুট দীঘল গামোচাত বৈ উলিয়াইছে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি পদ্মনাথ গোহাঞি বৰুৱাৰ লগতে ভূপেন হাজৰিকা, হেমচন্দ্ৰ গোস্বামী, কনকসেন ডেকা, হোমেন বৰগোহাঞি, ড৹ নিৰ্মলপ্ৰভা বৰদলৈকে ধৰি ১৯১৭-২০১৮ চনলৈ থকা মুঠ ৬৮ জন সাহিত্য সভাৰ সভাপতিৰ চিত্ৰসহ তেওঁলোকৰ নাম ৷

লগতে পঢ়ক : State Anthem in Gamosa: ফুলাম গামোচাত জিলিকিল অসমৰ জাতীয় সংগীত

২০১৮ চনৰ ২০ জুনত জিনু বৰুৱাই ব’ৱলৈ আৰম্ভ কৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ প্ৰতিচ্ছবি ৬ মাহৰ ভিতৰতে অৰ্থাৎ ২০১৮ চনৰে ৩০ নৱেম্বৰত সমাপ্ত কৰে ৷ এইবোৰৰ উপৰিও ১৫ ফুট দীঘল গামোচাত ২৫ দিনৰ ভিতৰত ৮ টা মৃদং আৰু কণ্ঠশিল্পী জুবিন গাৰ্গৰ ‘‘অ’ মা, অ’ দেউতা’’ গীত দুটাৰো ফুল বাচি উলিয়ায় ৷ জিনুৱে গামোচাত কৰা এই কাৰু-কাৰ্যবোৰ চাবলৈ স্থানীয় বহু লোকে সঘনে তেওঁৰ বাসগৃহত ভিৰ কৰা পৰিলক্ষিত হয় ।

উল্লেখ্য যে, জিনু চুতীয়া বৰুৱাই মূৰ্কংচেলেক জাতীয় বিদ্যালয়ত শিক্ষকতা কৰাৰ লগতে প্ৰতি শনি আৰু দেওবাৰে জোনাই আৰু চিমেন চাপৰিত সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীক চিত্ৰাংকনৰ শিক্ষা দি আহিছে ৷ জিনুৱে বোৱা কিছু গামোচা শংকৰদেৱ কলাক্ষেত্ৰত সংৰক্ষণৰ বাবে দিব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : ২ লাখৰো অধিক মূল্যত ক্ৰয় এখন ফুলাম গামোচা ! বিশেষত্ব কি এই ফুলাম গামোচাখনৰ - Expensive Gamosa

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.