ETV Bharat / state

নিলম্বিত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ হাতেৰে পুৰস্কৃত বিডিঅ’ সৰোজ দাস

ব্যতিক্ৰমী পদক্ষেপেৰে অতিৰিক্ত কৰ্মদিন সৃষ্টিৰ লগতে লক ডাউনৰ সময়ত দিশহাৰা হোৱা প্ৰায় ছয় লাখ লোকক দিয়া হৈছিল জবকাৰ্ড ৷ কিন্তু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত বিয়াগোম দুৰ্নীতিৰ বাবে নিলম্বিত হ’ল কৰিমগঞ্জ জিলাৰ দুল্লভছড়া উন্নয়ন খণ্ডৰ বিডিঅ’ সৰোজ দাস ।

author img

By

Published : Jul 4, 2021, 4:13 PM IST

নিলম্বনৰ জাননী
নিলম্বনৰ জাননী

কৰিমগঞ্জ, 4 জুলাই : সৰ্বানন্দ সোণোৱাল চৰকাৰৰ সময়চোৱাত এম জি এনৰেগা (MGNREGA)প্ৰকল্পত অভিলেখসংখ্যক কাম কৰাৰ বাবে মুখ্যমন্ত্ৰী সোণোৱালৰ হাতত পুৰস্কৃত হোৱা দুল্লভছড়াৰ বিডিঅ’ সৰোজ দাসক নিলম্বন কৰা হৈছে ৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত বিয়াগোম দুৰ্নীতিৰ বাবে নিলম্বিত হ’ল কৰিমগঞ্জ জিলাৰ দুল্লভছড়া উন্নয়ন খণ্ডৰ বিডিঅ’ সৰোজ দাস । এম জি এনৰেগা (MGNREGA) আৰু প্ৰধানমন্ত্ৰীৰ আৱাস প্ৰকল্পৰ বিত্তীয় অনিয়ম আৰু কৰ্তব্যৰ গাফিলতিৰ বাবে নিলম্বন কৰা হৈছে বিডিঅ’ গৰাকীক ।

কিয় নিলম্বিত হ’ল বি ডি ও সৰোজ দাস
নিলম্বনৰ জাননী

এম জি এনৰেগা (MGNREGA) প্ৰকল্পত জবকাৰ্ড শ্ৰমিকৰ পৰিৱৰ্তে এস্কেভেটৰ লগাই কোটি কোটি টকা লুন্ঠনৰ অভিযোগ উঠিছে । কাগজ পত্ৰত অভিলেখসংখ্যক কাম কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালৰ হাতৰ পৰা পুৰষ্কাৰ গ্ৰহণ কৰা বিডিঅ’ গৰাকী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ সময়তেই নিলম্বন হ’ল ৷ কৰ'ণা ভাইৰাছৰ বাবে বহিঃৰাজ্যত কৰ্ম সংস্থাপন হেৰুৱাই অসমলৈ উভতি অহা লাখ লাখ লোকৰ বাবে ভাল খবৰ আনিছিল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ৷

কিয় নিলম্বিত হ’ল বি ডি ও সৰোজ দাস
নিলম্বনৰ জাননী

ব্যতিক্ৰমী পদক্ষেপেৰে অতিৰিক্ত কৰ্মদিন সৃষ্টিৰ লগতে লক ডাউনৰ সময়ত দিশহাৰা হোৱা প্ৰায় ছয় লাখ লোকক দিয়া হৈছিল জবকাৰ্ড ৷

এম জি এনৰেগা অভিযানত সামৰি লৈছিল কেইবালাখো নতুন কৰ্মসন্ধানীক । লক ডাউনৰ বাবে কৰ্ম হেৰুৱাবলগীয়া হোৱা লোকসকলৰ বাবে মুকলি কৰা হৈছে সকাহ নামৰ এপ ৷ কিন্তু ইয়াৰ বিপৰীতে দুৰ্নীতিৰ অভিযোগত নিলম্বন হ’ল কৰিমগঞ্জৰ বিডিঅ’ গৰাকী ৷

লগতে পঢ়ক: নগাঁৱত জিলা প্ৰশাসনৰে পৰ্যালোচনা সভা অভিভাৱক মন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.