ETV Bharat / state

শিৱসাগৰ আৰু কৰিমগঞ্জত আটক ড্ৰাগছ সৰবৰাহকাৰী - Drugs paddler_arrested_sibsagor and karimganj

শিৱসাগৰ আৰু কৰিমগঞ্জত আৰক্ষীৰ অভিযানত আটক হয় ড্ৰাগছ সৰবৰাহকাৰী ৷ ড্ৰাগছ সৰবৰাহকাৰীকেইটাক আৰক্ষীয়ে আটক কৰি অব্যাহত ৰাখিছে তদন্ত ৷

Drugs paddler_arrested_sibsagor and karimganj
শিৱসাগৰ আৰু কৰিমগঞ্জত আটক ড্ৰাগছ সৰৱৰাহকাৰী
author img

By

Published : Mar 6, 2020, 6:50 PM IST

শিৱসাগৰ,কৰিমগঞ্জ, 6মাৰ্চ: বৃহস্পতিবাৰে নিশা অৰুণাচল প্ৰদেশৰ লংডিঙত আটক হয় দুই মহিলা ড্ৰাগছ সৰবৰাহকাৰী ৷ লংডিং আৰক্ষীয়ে পৃথকে পৃথকে চলোৱা এক অভিযানত আটক হয় দুই ড্ৰাগছ মাফিয়া ৷ জিলাখনৰ লংখাও গাঁৱৰ পৰা আটক কৰা নামনন ৱাংপন নামৰ মহিলা গৰাকীৰ বাসগৃহৰপৰা ১০ গ্ৰাম ব্ৰাউন চুগাৰসহ নিচাজাতীয় দ্ৰব্য ক্ৰয় কৰিবলৈ অহা গ্ৰাহকক হাতে-লুটে ধৰা পেলাই আৰক্ষীয়ে ৷ আনহাতে জিলাখনৰ খাছা গাঁৱত চলোৱা আন এক অভিযানত মদন ৱাংছা নামৰ আন এগৰাকী মহিলাৰ বাসগৃহৰপৰা ১৩ গ্ৰাম ব্ৰাউন চুগাৰসহ নিচাজাতীয় দ্ৰব্য উদ্ধাৰ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে, অসমৰ চৰাইদেউ জিলাৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিন ধৰি চলি থকা অসামাজিক কাৰ্যকলাপ তথা ড্ৰাগছ জাতীয় দ্ৰব্যৰ চোৰাং বেহাই মূৰৰ কামোৰণি সৃষ্টি কৰিছিল আৰক্ষীৰ । আটকাধীন দুই মহিলাক বৰ্তমান সোধ-পোছৰ বাবে লংডিং আৰক্ষীৰ জিম্মাত লোৱা হৈছে বুলি জানিব পৰা হৈছে ৷

Drugs paddler_arrested_sibsagor and karimganj
শিৱসাগৰ আৰু কৰিমগঞ্জত আটক ড্ৰাগছ সৰৱৰাহকাৰী

ইফালে, ত্ৰিপুৰা আৰক্ষীয়ে ধৰ্মনগৰ এলেকাৰ কামেশ্বৰ নামকৰ পৰা অভিযান চলাই এগৰাকী ড্ৰাগছ ব্যৱসায়ীক কৰায়ত্ত কৰে ৷ ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা আৰক্ষীয়ে প্ৰায় 20 লাখ টকাৰ ব্ৰাউন ছুগাৰ জব্দ কৰিবলৈ সক্ষম হৈছে । ধৃত ড্ৰাগছ ব্যৱসায়ীটোৰ নাম ছফৰ আলি ৷ অঞ্চলটোৰে বছৰ আলী নামৰ লোকজনৰ ব্যবসায়ীক প্ৰতিষ্ঠানৰ পৰা দুই বাকচ ব্ৰাউন ছুগাৰ জব্দ কৰাৰ পাছত তেওঁৰ বাসগৃহত অভিযান চলাই তিনি বাকচ ব্ৰাউন ছুগাৰ পুনৰ জব্দ কৰে আৰক্ষীয়ে ।

অধিক খবৰৰ বাবে: ঘৰলৈ অহা আলহীক মৰিয়াই হত্যা

উল্লেখযোগ্য যে, অসম ত্ৰিপুৰা সীমান্তৰ ধৰ্মনগৰ চহৰত দীৰ্ঘদিনৰ পৰাই ছফৰ আলি নামৰ ব্যক্তিজনে বৰবিহ ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই গৈছিল । পিছে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ত্ৰিপুৰা আৰক্ষীয়ে ড্ৰাগছসহ সেইজন ব্যক্তিক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে ।

For All Latest Updates

TAGGED:

Drugs
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.