কৰিমগঞ্জ,19 জানুৱাৰী: মঙলবাৰে কৰিমগঞ্জ জিলা কাৰাগাৰত ড্ৰাগছ সৰবৰাহ কৰা কাৰ্যৰ লগত জড়িত কাৰাগাৰৰে এজন সুৰক্ষা কৰ্মীক গ্ৰেপ্তাৰ কৰা হয় ৷ অভিযোগ অনুসৰি,দীৰ্ঘদিন ধৰি নৱদ্বীপ শীল নামৰ সুৰক্ষা কৰ্মীগৰাকীয়ে কৰিমগঞ্জ জিলা কাৰাগাৰত কাৰাবন্দীক ড্ৰাগছ যোগান ধৰি আহিছিল ৷
ইপিনে,উপযুক্ত তথ্যৰ অভাৱত সুৰক্ষা কৰ্মীগৰাকীক আটক কৰিব পৰা নাছিল আৰক্ষীয়ে ৷ অৱশেষত সুৰক্ষা কৰ্মীগৰাকীৰ বিৰুদ্ধে সঠিক তথ্যসহ প্ৰমাণ লাভ কৰি সুৰক্ষা কৰ্মী নৱদ্বীপ শীলক আটক কৰি আৰক্ষীয়ে কাৰাগাৰলৈ প্ৰেৰণ কৰে ৷
লগতে পঢ়কঃমানকাচৰত বিহু উদযাপনৰ নামত অশ্লীল নৃত্য,জুৱাৰ পয়োভৰ