ETV Bharat / state

অসম-ত্ৰিপুৰা সীমান্তৰ চূড়াইবাৰীত ট্ৰাক চালকৰ প্ৰতিবাদ - চূড়াইবাৰী

অসম-ত্ৰিপুৰা(ASSAM-TRIPURA) সীমান্তৰ চূড়াইবাৰীত প্ৰতিবাদ(PROTEST)ত নামিল ৰন্ধন গেছৰ চিলিণ্ডাৰ কঢ়িয়াই নিয়া ট্ৰাকৰ চালক । চূড়াইবাৰী পৰিবহণ বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ বিভাগটোৰ একাংশ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে চালকসকলে । আইনৰ অচিলাৰে চালকসকলক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে বিষয়া-কৰ্মচাৰীসকলৰ বিৰুদ্ধে ।

DRIVER PROTEST IN ASSAM TRIPURA BORDER
চূড়াইবাৰীত চালকৰ প্ৰতিবাদ
author img

By

Published : Jun 22, 2021, 4:01 PM IST

কৰিমগঞ্জ, ২২ জুন: চুবুৰীয়া ৰাজ্যে ত্ৰিপুৰাৰ পৰিবহণ বিভাগৰ বিৰূদ্ধে ক্ষোভিত হৈ পৰিছে ৰন্ধন গেছৰ চিলিণ্ডাৰ কঢ়িয়াই নিয়া ট্ৰাকৰ চালকসকল । পৰিবহণ আইনৰ নামত বিভাগীয়ে বিষয়াসকলে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে ট্ৰাক চালকসকলে । মঙলবাৰে অসম-ত্ৰিপুৰা সীমান্ত(ASSAM-TRIPURA) ৰ চূড়াইবাৰীত পৰিবহণ বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে চালকসকলে । সীমান্তৰ অসমৰ ভূমিত কৰিমগঞ্জ জিলাৰ হাতাই এলেকাত ৰাজপথৰ দাঁতিতে ৰখাই থয় ৰন্ধন গেছৰ চিলিণ্ডাৰ কঢ়িয়াই নিয়া ট্ৰাকবোৰ ।

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ত্ৰিপুৰাৰ প্ৰৱেশদাৰ চূড়াইবাৰী পৰিবহণ বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ বিভাগটোৰ একাংশ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে খেলিমেলিৰ অভিযোগ উত্থাপন কৰি দুৰ্নীতি কৰিলে কোনেও ৰেহাই নাপায় বুলি সকীয়াই দিছিল । তাৰ পাছতো একাংশ পৰিবহণ বিষয়াই চালকসকলক আইনৰ অচিলা লৈ হাৰাশাস্তি দি আহিছে অভিযোগ তুলিছে চালকসকলে । আনহাতে, অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই নিয়া বাহনৰ চালকৰো একেই অৱস্থা ।

তেওঁলোকৰ মতে, পূৰ্বতে পৃথক ওজনৰ ব্যৱস্থা থাকিলেও বৰ্তমান আন আন যানবাহনৰ সৈতে তেওঁলোকৰ গাড়ীৰ ওজন কৰিবলগীয়া হয় । সেয়ে, ত্ৰিপুৰাত প্ৰৱেশ কৰাৰ সময়ত ২-৩ দিন সময় লাগে ।

তেওঁলোকে পূৰ্বতে মাহে দুবাৰকৈ অহা-যোৱা কৰিছিল । কিন্তু এতিয়া নতুন নীতি-নিয়মৰ বাবে মাথোঁ এবাৰকৈহে বহিঃৰাজ্যৰ পৰা ত্ৰিপুৰালৈ গেছ কঢ়িয়াই নিব পাৰে । ফলতে তেওঁলোকে আৰ্থিক সমস্যাৰ সম্মুখীন হৈছে । সেয়ে, অত্যাৱশ্যকীয় যানবাহনৰ ক্ষেত্ৰত পৃথক ওজনৰ ব্যৱস্থা আৰু হাৰাশাস্তি বন্ধ নকৰিলে তেওঁলোক ত্ৰিপুৰা ৰাজ্যত প্ৰৱেশ নকৰে বুলি স্পষ্ট কৰি দিয়ে ।

তেওঁলোকৰ মতে, যিবোৰ যানবাহনে অত্যাধিক বোজা কঢ়িয়াই নিয়ে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বিপৰীতে নিৰ্দিষ্ট পৰিমাণৰ সামগ্ৰী কঢ়িওৱা থকা যানবাহনৰ ওপৰত পৰিবহন বিভাগে অসুবিধা দিবলৈ আৰম্ভ কৰিছে । এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে চালকসকলে । অন্যথা, তেওঁলোক ত্ৰিপুৰা ৰাজ্যত ৰন্ধন গেছ যোগান নধৰে বুলি চালকসকলে জানিবলৈ দিয়ে ।

লগতে পঢ়ক:সাত বছৰৰ পাচতো মুকলি নহ'ল বিলাসীপাৰাৰ ITI COLLEGE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.