ETV Bharat / state

কৰিমগঞ্জ জিলাৰ কাৰাগাৰত ক'ভিড-19ত আক্ৰান্ত এজন

author img

By

Published : Jul 31, 2020, 7:05 PM IST

কৰিমগঞ্জ জিলাৰ কাৰাগাৰত বন্দী হৈ থকা এজন কাৰাবন্দীৰ দেহত পুনৰ ধৰা পৰে ক'ভিড-19ৰ উপস্থিতি ৷ কাৰাবন্দীজনক বৰ্তমান জিলাখনৰ ক'ভিড-19 চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷

karimganj_DISTRICT JAIL POSITIVE CASE
কৰিমগঞ্জ জিলাৰ কাৰাগাৰত পুনৰ এজন আক্ৰান্ত ক'ভিড-19ত

কৰিমগঞ্জ,31জুলাই: কৰিমগঞ্জ জিলাৰ কাৰাগাৰত বন্দী হৈ থকা এজন কাৰাবন্দীৰ দেহত পুনৰ ধৰা পৰে ক'ভিড-19ৰ উপস্থিতি ৷ চুৰি কৰা ঘটনাৰ অপৰাধত কাৰাবন্দী হৈ থকা ছাদ উদ্দিন নামৰ ব্যক্তিজনৰ দেহত ধৰা পৰে এই ভাইৰাছৰ উপস্থিতি ৷ সদৰ থানাৰ পৰা ৰেপিড এন্টিজেন পৰীক্ষাত অপৰাধীজনৰ নিগেটিভ আহিছিল যদিও স্বাৱ পৰীক্ষাত ব্যক্তিজনৰ দেহত এই ভাইৰাছৰ উপস্থিতিৰ কথা বৃহস্পতিবাৰে নিশা পোহৰলৈ আহে ৷ কাৰাবন্দীজনক বৰ্তমান কৰিমগঞ্জ ক'ভিড-19 চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ এই ঘটনাৰ পাছতে কাৰাগাৰটোত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ কিয়নো জিলাখনৰ কাৰাগাৰাত প্ৰতিদিনে বৃদ্ধি পাবলৈ লৈছে কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৷

অন্য এক খবৰৰ বাবে: মাতৃভূমি পালেহি শ্বহীদ প্ৰণয় কলিতাৰ নশ্বৰদেহ

বৰ্তমান জিলাখনত ক'ভিড-19ত আক্ৰান্তৰ সংখ্যা 464গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে মৃতকৰ সংখ্যা 3জনলৈ বৃদ্ধি পাইছে ৷ ইফালে, চিকিৎসাধীন হৈ আছে 70জন ৰোগী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.