কৰিমগঞ্জ,5 মাৰ্চঃ বৃহস্পতিবাৰে জামিন লাভ কৰে কৰিমগঞ্জৰ বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰা বদৰপুৰ চহৰৰ জয়দেৱ ঘোষে ৷ গুৱাহটী উচ্চ ন্যায়ালয়ে দিয়া ৰায়দানৰ পিছতেই মুকলি কৰি দিয়া হয় শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত থকা ডিটেনচন কেম্পত আটকাধীন জয়দেৱ ঘোষক ৷ তেখেতৰ ভাতৃ সুদেব ঘোষ আৰু মাতৃ ৰীণা ৰানী ঘোষৰ এক আবেদনৰ ভিত্তিতে এই নিৰ্দেশ জাৰি কৰা হয় ৷ তেখেতক জামিন প্ৰদানৰ নিৰ্দেশ জাৰি কৰে বিচাৰপতি মনজিৎ ভূঞা আৰু বিচাৰপতি পাৰ্থজ্যোতি শইকীয়াই ৷ উল্লেখ্য যে, বিগত 3 মাৰ্চতেই তেখেতক জামিন প্ৰদানৰ নিৰ্দেশনা জাৰি কৰা হৈছিল যদিও কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ লেহেমীয়া গতিৰ বাবে তেখেতৰ ৰেহাইত দুদিন পলম হয় ৷
বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰা জয়দেৱ ঘোষক জামিন প্ৰদান - discharge D voter Jaydev Ghosh
বৃহস্পতিবাৰে জামিন লাভ কৰে কৰিমগঞ্জৰ বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰা বদৰপুৰ চহৰৰ জয়দেৱ ঘোষে ৷ গুৱাহটী উচ্চ ন্যায়ালয়ে দিয়া ৰায়দানৰ পিছতেই মুকলি কৰি দিয়া হয় শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত থকা ডিটেনচন কেম্পত আটকাধীন জয়দেৱ ঘোষক ৷