কৰিমগঞ্জ,6 আগষ্ট: অসম-ত্ৰিপুৰা-মিজোৰাম সীমান্তৰ কৰিমগঞ্জৰ মাগুৰাত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী যুৱকৰ মৃতদেহ ৷ যুৱকগৰাকীৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ উত্তেজনা ৷ ঘটনাৰ বিৱৰণী অনুসৰি,বুধবাৰে ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ বাবে গাঁৱখনত আয়োজন কৰা হৈছিল ৰামকথা অনুষ্ঠানৰ ৷ উক্ত অনুষ্ঠানত অংশগ্ৰহণৰ উদ্দেশ্যে যুৱকগৰাকীয়ে পুৱা প্ৰায় 4 বজাত ঘৰৰ পৰা ওলাই যায় ৷ নিচেই পুৱাতে ঘৰৰ পৰা ওলাই যোৱা যুৱকগৰাকীৰ পিছলৈ কোনো সন্ধান লাভ নকৰাত চিন্তিত হৈ পৰে পৰিয়ালবৰ্গ ৷ পৰিয়ালৰ লোকে বাৰে বাৰে যুৱকগৰাকীক যোগাযোগ কৰিবলৈ বিচাৰি ফোন কৰাত ম’বাইল নম্বৰটো বন্ধ হৈ থকা বুলি জানিব পাৰে ৷ পৰৱৰ্তী সময়ত এখন পৰিত্যক্ত ব্যৱসায়িক প্ৰতিষ্ঠানৰ কক্ষত ৰহস্যজনকভাৱে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় যুৱকগৰাকীৰ মৃতদেহ ৷
আনহাতে,ঘটনা সম্পৰ্কে বাজাৰিচৰা আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ ঘটনা সম্পৰ্কে আৰক্ষীয়ে অব্যাহত ৰাখিছে প্ৰাথমিক তদন্ত ৷ যুৱকগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি এয়া কোনো দুৰ্বৃত্তৰ দ্বাৰা সংঘটিত পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে স্থানীয় ৰাইজে ৷
লগতে চাওকঃ সৰ্থেবাৰীত অচিনাক্ত বৃদ্ধ উদ্ধাৰ: চিকিৎসালয়ত ভৰ্তি