ETV Bharat / state

ক'ভিড-19 আক্ৰান্তৰ পৰিয়ালে পোৱা নাই খাদ্য সামগ্ৰী - গণসংক্ৰমন

বৰ্তমান কৰিমগঞ্জ জিলাত প্ৰতিদিনে ভ্ৰমণ বৃত্তান্ত নথকা ব্যক্তিৰ দেহত কৰ'ণাৰ উপস্থিতি যথেষ্ট মাত্ৰাত বৃদ্ধি পাই আছে ।

CONTAINMENT ZONE
CONTAINMENT ZONE
author img

By

Published : Jul 21, 2020, 5:28 AM IST

কৰিমগঞ্জ, 20 জুলাই : গণসংক্ৰমনৰ দিশে আগবাঢ়িছে কৰিমগঞ্জ । ক'ভিড-19ৰ নীতি অনুসৰি সামাজিক সংক্ৰমন ৰোধৰ বাবে ৰোগাক্ৰান্তৰ ঘৰৰ এলেকাটো কনটেনমেন্ট জ'ন কৰাটো বাধ্যতামূলক । কিন্তু এনে জাননী ধোঁৱা চাঙত উঠিছে জিলাখনত ৷ কেৰেপ কৰা নাই স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে।

বৰ্তমান জিলাত প্ৰতিদিনে ভ্ৰমণ বৃত্তান্ত নথকা ব্যক্তিৰ দেহত কৰ'ণাৰ উপস্থিতি যথেষ্ট মাত্ৰাত বৃদ্ধি পাই আছে । যোৱা ৭তাৰিখত আমি ইটিভি ভাৰতৰ ৰ দৰ্শকক দেখুৱাইছিলো জিলাৰ আন ঠাই ৰাউতগ্ৰাম,ধৰকোনা এই সমূহ গাঁৱত ক'ভিড-19 আক্ৰান্ত হোৱা ব্যাক্তিৰ ঘৰৰ চাৰিফালে কোনো কণ্টেইনমেনট জ'নৰ ব্যৱস্থা নকৰাৰ লগতে, দিয়া হোৱা নাই কোনো খাদ্য সামগ্ৰী।

ক'ভিড-19 আক্ৰান্তৰ পৰিয়ালে পোৱা নাই খাদ্য সামগ্ৰী

ঠিক একেই অৱস্থা কৰিমগঞ্জ নিলামবজাৰৰ বাহাদুৰপুৰ গাঁও সহ আন আৰু তিনিটা কনটেন্টমেন্ট জ'নৰ। যোৱাদিনত জিলাত প্ৰায় ২২ গৰাকীৰ চেলুন কৰ্মীৰ দেহত কৰ'ণাৰ উপস্থিত ধৰা পৰে। ইয়াকে লৈ এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । অভিযোগ অনুসৰি চাৰিদিন পাৰ হৈ যোৱাৰ পাচতো সেই সকল পৰিয়ালৰ লোকে পোৱা নাই কোন খাদ্য সামগ্ৰী। আৰু এনে পৰিস্থিতিত জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিৰূদ্ধে গুৰুতৰ হেমাহিৰ অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক : কোকৰাঝাৰ জেলত কৰ'ণাতংকঃ আক্ৰান্ত কাৰাবন্দী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.