ETV Bharat / state

2000 টকাৰ বিনিময়ত উপলব্ধ ক’ভিডৰ নিগেটিভ ৰিপ’ৰ্ট

author img

By

Published : Nov 3, 2021, 12:25 PM IST

পুনৰ স্বাস্থ্যকৰ্মীৰ আজৱ কাণ্ড ৷ 2000 টকাৰ বিনিময়ত ক’ভিডৰ নিগেটিভ ৰিপ’ৰ্ট(Covid Negative Report) প্ৰদান ৷ কোনো ধৰণৰ পৰীক্ষা নকৰাকৈ টকাৰ বিনিময়ত এই ৰিপ’ৰ্ট প্ৰদান কৰিছে এটা স্বাস্থ্য কেন্দ্ৰৰ লেব’ৰেটৰী টেকনিশ্বিয়ানে ৷ কিন্তু ক’ত সৃষ্টি হৈছে এই বেমেজালিৰ, অধিক জানিবলৈ সবিশেষ পঢ়ক...

covid-negative-report-available-in-2000-rupees-in-karimganj
2000 টকাৰ বিনিময়ত ক’ভিডৰ নিগেটিভ ৰিপ’ৰ্ট

কৰিমগঞ্জ, 3 নৱেম্বৰ : ক’ভিড ৰিপ’ৰ্ট(Covid Report)ক লৈ স্বাস্থ্যকৰ্মীৰ ভয়ংকৰ কাণ্ড ৷ 2000 টকাৰ বিনিময়ত উপলব্ধ ক’ভিডৰ নিগেটিভ ৰিপ’ৰ্ট(Covid Negative Report) ৷ গোপন কেমেৰাত বন্দী হৈছে স্বাস্থ্য বিভাগৰ এই কৰ্মকাণ্ড ৷ 2000 টকাৰ বিনিময়ত কোনো ধৰণৰ পৰীক্ষা নকৰাকৈ আপুনি লাভ কৰিব পাৰিব ক’ভিড নিগেটিভ ৰিপ’ৰ্ট ৷

পাথাৰকান্দি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ(Patharkandi Primary Health Centre)ত সহজলভ্য এই সুবিধা । প্ৰাপ্ত তথ্য অনুসৰি, পাথাৰকান্দি সমষ্টিৰ ছলগই এলেকাৰ কানু বৈদ্য নামৰ এজন যুৱক কৰ্মসূত্ৰে লণ্ডনত বাস কৰে । দূৰ্গা পূজা উপলক্ষে নিজ ঘৰলৈ আহিছিল যুৱকজন । ছুটীৰ দিন শেষ হোৱাৰ পাচত পুনৰ লণ্ডনলৈ উভতি যাবলৈ দিন নিৰ্ধাৰণ কৰিছিল যুৱকজনে ।

কিন্তু বিমানেৰে যাত্ৰা কৰিবলৈ হ’লে প্ৰয়োজন আছিল ক’ভিডৰ RTPCR নিগেটিভ ৰিপ’ৰ্ট । সেইমৰ্মে যুৱকজনে পাথাৰকান্দি স্বাস্থ্য কেন্দ্ৰত উপস্থিত হয় ৷ কিন্তু স্বাস্থ্য কেন্দ্ৰটোৰ লেব’ৰেটৰী টেকনিশ্বিয়ান অসীম ধৰে ৰিপ’ৰ্টৰ বিনিময়ত 2000 টকাৰ অ’ফাৰ দিয়ে কানু বৈদ্যক ৷

2000 টকা দিলেই কোনো পৰীক্ষা নকৰাকৈ ৰিপ’ৰ্ট লাভ কৰিব বুলি উল্লেখ কৰে লেব’ৰেটৰী টেকনিশ্বিয়ানজনে ৷ টকা আৰু মোবাইল নম্বৰ দিলেই উপলব্ধ হ’ব ক’ভিড নিগেটিভ ৰিপ’ৰ্ট । ইয়াৰ পাচতে কানুই অসীমৰ কথাত মান্তি হৈ টকা দিছিল যদিও লেনদেনৰ সমগ্ৰ ঘটনা ম’বাইল ফোনত বন্দী কৰি ৰাখে ৷ লণ্ডনত গৈ পোৱাৰ পাচত ক’ভিডৰ ৰিপ’ৰ্টৰ নামত কৰা খেলিমেলিৰ বিস্তাৰিত ঘটনা সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰে কানুৱে ।

ক’ভিডৰ প্ৰমাণ পত্ৰৰ নামত স্বাস্থ্য কৰ্মীৰ এনে ভয়ংকৰ ঘটনাই এতিয়া চিন্তিত কৰি তুলিছে সকলোকে । এই ক্ষেত্ৰত স্বাস্থ্য বিভাগে এনে কৰ্মীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব, সেয়া সময়তহে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : কেৰেলাত অভিযান চলাই নাৰীদেহ ব্যৱসায়ী চক্ৰ উৎখাত নগাঁও আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.