কৰিমগঞ্জ, 22 জুলাই : ৰাজ্যত পুনৰ কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু ঘটিছে এগৰাকী ৰোগীৰ ৷ এইবাৰ মৃত্যু হয় কৰিমগঞ্জ জিলাৰ এগৰাকী কোভিড-19 আক্ৰান্ত ৰোগীৰ ৷ মৃত্যু হোৱা লোকজন জিলাখনৰ ৰেল চহৰ বদৰপুৰত সামিম আহমেদ নামৰ এগৰাকী শিক্ষক বুলি জানিব পৰা গৈছে ৷ শ্ৰীগৌৰি হাস্পতালে প্ৰকাশ কৰা অনুসৰি, মৃত সামিম আহমেদ যোৱা কেবাদিন ধৰি বেলেগ ৰোগৰ বাবে শিলচৰ মেডিকেলত ভৰ্তি আছিল তাৰ পাছতেই তেওঁৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ অৱশেষত বুধবাৰে তেওঁৰ মৃত্যু হয় । আনফালে বুধবাৰে বদৰপুৰত 9 জনৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে ।
লগতে পঢ়কঃ সংখ্যালঘু বৃত্তিৰ ধন আত্মসাৎ কৰা অচিনতলা হাইস্কুলৰ প্ৰধান শিক্ষকক গ্ৰেপ্তাৰ