ETV Bharat / state

ৰাজ্যজুৰি কৰ’ণাৰ আতংক - কৰ'ণা ভাইৰাছক লৈ এক্সেল কেয়াৰ হস্পিতালৰ সভা কক্ষত সজাগতা সভা

Corona Virus
কৰ’ণা আতংক
author img

By

Published : Mar 20, 2020, 12:33 PM IST

Updated : Mar 20, 2020, 11:33 PM IST

23:20 March 20

কৰ'ণাৰ বাবে শিলচৰত সাজু কৰা হৈছে ভিজিলেঞ্চ দল

শিলচৰ, 20 মাৰ্চঃ কৰ'ণাৰ বাবে শিলচৰত সাজু কৰা হৈছে ভিজিলেঞ্চৰ দল ৷ এই দলটোৱে অঞ্চলটোৰ বিভিন্ন এলেকাত গৈ ৰাইজৰ মাজত প্ৰচাৰ কৰিব সচেতনতা ৷ ইয়াৰোপৰি শিলচৰৰ স্থানীয় বিধায়কে নৰেন্দ্ৰ মোডীৰ জনতাৰ সান্ধ্য আইন মানি চলিবলৈও আহ্বান জনায় ৰাইজক ৷

23:03 March 20

কৰ'ণা ভাইৰাছক লৈ এক্সেল কেয়াৰ হাস্পতালৰ সভা কক্ষত সজাগতা সভা

কৰ'ণা ভাইৰাছক লৈ এক্সেল কেয়াৰ হস্পিতালৰ সভা কক্ষত সজাগতা সভা

গুৱাহাটী, 20 মাৰ্চঃ শুকুৰবাৰে মহানগৰীৰ বৰাগাঁওস্থিত এক্সেল কেয়াৰ হাস্পতালৰ সভা কক্ষত ডাঃ ৰয়েল এফেয়াৰ্ছ নামৰ এটা স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত এখন বিশেষ সজাগতামূলক সংবাদমেল অনুষ্ঠিত হয় ৷ কৰ'ণাকলৈ ইতিমধ্যেই বিয়পি পৰিছে বিভিন্ন উৰাবাতৰি। এইসমূহৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে আয়োজন কৰা হয় সংবাদমেলখন ৷ য'ত তিনিগৰাকীকৈ বিশেষজ্ঞ চিকিৎসকে সাধাৰণ ৰাইজক এই ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ বিভিন্ন পৰামৰ্শ আগবঢ়ায় ৷

22:53 March 20

কৰ'ণাত আক্ৰান্ত লোকক উদ্ধাৰৰ বাবে সাজু গোৱালপাৰা অসামৰিক চিকিৎসালয়

গোৱালপাৰা, 20 মাৰ্চঃ গোৱালপাৰা অসামৰিক চিকিৎসালয়ত কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকসকলক উদ্ধাৰ কৰিবলৈ সম্পূৰ্ণকৈ সাজু চিকিৎসকৰ এটি দল ৷ কৰ'ণা ভাইৰাছ আক্ৰান্ত ৰোগীৰ কাৰণে সুকীয়াকৈ চিকিৎসাৰ ব্যৱস্থা চিকিৎসালয় কৰ্তৃপক্ষৰ ৷ দুটা কোঠাত ১২ খন বিচনা আৰু OPDৰ ব্যৱস্থা চিকিৎসালয়খনত ৷ কাঁহ চৰ্দি আৰু জ্বৰ থকা ব্যক্তিৰ কাৰণে সুকীয়াকৈ ব্যৱস্থা কৰিছে বহিঃ বিভাগৰ ৷

22:47 March 20

নিজে হাত ধুই কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰিলে শোণিতপুৰৰ উপাযুক্তই

তেজপুৰ, ২০ মাৰ্চঃ অসম চৰকাৰে প্ৰৱৰ্তন কৰা নিৰ্দেশনা আৰু প্ৰধান মন্ত্ৰীৰ কৰ'ণা ভাইৰাছৰ প্ৰতি দেশ বাসীলৈ জনোৱা আহ্বানৰ পিচতে তেজপুৰত জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙৰ ৰাইজৰ প্ৰতি সজাগতাৰ আৰ্হি ৷ জিলা উপায়ুক্তই নিজে হাত ধুই কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰাৰ নিদৰ্শন দেখুৱায় ৷

17:29 March 20

জুৰীয়াত কৰ’ণা ভাইৰাছৰ সজাগতাৰ অৰ্থে মাস্ক আৰু চাবোন বিতৰণ

জুৰীয়া, 20 মাৰ্চঃ শুকুৰবাৰে জুৰীয়াত কৰ’ণা ভাইৰাছৰ সজাগতাৰ বাবে ৰূপহী ৰাজহ চক্ৰ আৰু জুৰীয়া সংবাদ ক্লাৱৰ উদ্যোগত জনসাধাৰণৰ মাজত মাস্ক আৰু চাবোন বিতৰণ কৰে ৷ এই কাৰ্যসূচীত জুৰীয়া ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মুখ্য চিকিৎসক সুজয় কুমাৰ দেৱনাথ উপস্থিত থাকি কৰ’ণা ভাইৰাছৰ বাবে ল'বলগীয়া সজাগতাৰ বিযয়ে ৰাইজক অৱগত কৰে ৷

17:00 March 20

কৰ'ণা ভাইৰাছৰ বাবে 31 মাৰ্চলৈ বন্ধ যোৰহাট উকীল সন্থাৰ বাৰ-লাইব্ৰেৰী

যোৰহাট, 20 মাৰ্চঃ কৰ'ণা ভাইৰাছ সংক্ৰমণৰ বিৰুদ্ধে সজাগতা অবলম্বনৰ বাবে যোৰহাট উকীল সন্থাৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ ৷ অহা ৩১ মাৰ্চলৈকে বন্ধ কৰা হৈছে উকীল সন্থাৰ বাৰ-লাইব্ৰেৰী ৷

16:51 March 20

কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে সজাগতা কাৰ্যসূচী যোৰহাট আৰু টীয়কত

টীয়ক, 20 মাৰ্চঃ যোৰহাট জিলাৰ মধ্য যোৰহাট প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনস্থ শ্ৰীশ্ৰী অনিৰুদ্ধ দেৱ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বলিন দাসৰ নেতৃত্বত, সমূহ শিক্ষকে সৰ্বসাধাৰণ ৰাইজৰ মাজত সজাগতাৰ সৃষ্টিৰ বাবে পথ সভা আৰু দোকানে দোকানে গৈ সতৰ্কতামূলক বাণী প্ৰচাৰ কৰিছে ৷ তদুপৰি টীয়কৰ কেইবাটাও ৰাজহুৱা স্থানত কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে সতৰ্কতা সন্দৰ্ভত বেনাৰ আঁৰি সজাগতাৰ সৃষ্টি কৰিছে ৷

16:39 March 20

কৰ'ণা ভাইৰাছ ৰোধৰ ক্ষেত্ৰত ইতিবাচক পদক্ষেপ ধুবুৰী জিলা পৰিবহণ বিভাগৰ

ধুবুৰী, 20 মাৰ্চঃ কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে ধুবুৰী জিলা পৰিবহণ বিভাগে ৷ আজি ধুবুৰী জিলা পৰিবহণ বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া আছিফ আহমেদৰ নেতৃত্বত পৰিবহণ বিভাগৰ এটি দলে ধুবুৰী ৰাজহুৱা বাছ আস্থানত ৰাইজৰ মাজত প্ৰচাৰ পত্ৰিকা বিতৰণ কৰি ৰাইজক সজাগ কৰি তোলাৰ প্ৰয়াস কৰে ৷ 

15:41 March 20

বাক্সাত কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সন্দেহ এজন যুৱকক

মুছলপুৰ, 20 মাৰ্চঃ কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সন্দেহ বাক্সাৰ শালবাৰীৰ খৈৰাবাৰীৰ এজন যুৱকক ৷ কালি নিশা কেৰেলাৰ পৰা ৰে'লেৰে উভতি অহাৰ সময়ত বৰপেটা ৰোড ৰে'ল ষ্টেচনত স্ক্ৰীনিং কৰাৰ সময়ত যুৱকজনৰ শাৰীৰিক উষ্ণতা বেছি পোৱাৰ লগতে, উশাহ নিশাহত কষ্ট পোৱা বুলি জানিব পৰা গৈছে  ৷ 

15:04 March 20

নগাঁৱত পথচাৰীৰ মাজত হেণ্ডৱাশ্ব বিতৰণ

এংগেল বিউটি ক্লাৱৰ হেণ্ডৱাশ্ব বিতৰণ

নগাঁও,20মাৰ্চঃ কৰ'ণাক লৈ চৰকাৰে বিভিন্ন সজাগতাৰ ব্যৱস্থা কৰিছে যদিয়ো ভয়াৱহ ভাইৰাছবিধক লৈ এতিয়াও জ্ঞাত নহয় একাংশ । শুকুৰবাৰে নগাঁৱত সাধাৰণ লোকক সজাগ কৰিবলৈ আগবাঢ়ি আহে এংগেল বিউটি ক্লাৱৰ সদস্য-সদস্যাসকল । দলটোৱে নগাওঁ মহাবিদ্যালয়ৰ সন্মুখৰ ৰাষ্ট্রীয় ঘাইপথত পথচাৰীক হেণ্ডৱাশ্বৰে হাত ধুৱাই সাধাৰণ লোকৰ মাজত বিতৰণ কৰে মাস্কৰ উপৰি চেনিটাইজাৰ ।

14:51 March 20

চাহ শ্ৰমিকৰ মাজত সজাগতা বৃদ্ধি গোলাঘাটত

চাবোন বিতৰণ শ্ৰমিকৰ মাজত

গোলাঘাট,20 মাৰ্চঃ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে গোলাঘাটত তৎপৰ চাহ বাগিচা পৰিচালকসকল । জিলাখনৰ জামুগুৰিৰ হাতীগড় মাটিখোলা চাহ বাগিচাত শ্ৰমিকসকল এই ভাইৰাছৰ পৰা হাত সাৰি থাকিবৰ বাবে অনুষ্ঠিত কৰা হয় এক সজাগতা সভা । সভাত শ্ৰমিকসকলক বাগিচা পৰিচালকে এটুকুৰাকৈ চাবোন প্ৰদান কৰে । কামত ব্যস্ত থকা চাহ শ্ৰমিকসকলে যাতে প্ৰতি মুহুৰ্তত হাত পৰিষ্কাৰকৈ ৰাখিব পাৰে তাৰবাবে এই প্ৰচেষ্টা গ্ৰহণ বাগিচা কৰ্তৃপক্ষৰ ।

14:14 March 20

লখিমপুৰ বিমানবন্দৰত ব্যাপক তৎপৰতা গ্ৰহণ

লখিমপুৰত স্বাস্থ্য পৰীক্ষা

লখিমপুৰ,20 মাৰ্চঃ লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰত কৰ’ণা ভাইৰাছৰ আতংকৰ বাবে যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে । বিমানবন্দৰ কৰ্তৃপক্ষই ২৪ঘণ্টা সাজু কৰি ৰাখিছে চিকিৎসকক । বিমানযোগে বহিঃৰাজ্যৰ পৰা লখিমপুৰত প্ৰৱেশ কৰা প্ৰতিজন যাত্ৰীক স্বাস্থ্য পৰীক্ষাৰ অন্ততহে বাহিৰলৈ ওলাবলৈ অনুমতি প্ৰদান কৰা হৈছে । লখিমপুৰৰ পৰা বিমানেৰে বাহিৰলৈ যাব বিচৰা ব্যক্তিকো স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে বিমানবন্দৰত থকা চিকিৎসকৰ দলে ।

13:09 March 20

কৰ’ণাৰ বিপক্ষে অভয়াপুৰী আৰক্ষীৰ ব্যস্ততা

গোহাৰি বিতৰণ আৰক্ষীৰ

চিৰাং,20 মাৰ্চঃ শুকুৰবাৰৰ পুৱা বঙাইগাঁও জিলাৰ অভয়াপুৰী থানাৰ একাংশ আৰক্ষীক দেখা যায় ৰাজপথত ৷ সাধাৰণতে সুৰক্ষাজনিত কাৰণত তালাচী চলোৱা আৰক্ষীসকলক দেখা গ’ল এক ব্যতিক্ৰমী কামত ব্যস্ত থকাত ৷ অভয়াপুৰী চহৰত প্ৰৱেশ কৰা প্ৰতিখন বাহনৰ যাত্ৰীক নমাই পৰিস্কাৰ পানীৰে হাত ধুৱাই বিতৰণ কৰিলে কৰ’ণাৰ ভয়াৱহতা সম্পৰ্কে এখনকৈ গোহাৰি বিতৰণ কৰে আৰক্ষীয়ে ৷ ২৪ ঘণ্টীয়া কৰ্তব্যৰ মাজতো অভয়াপুৰী আৰক্ষীয়ে গ্ৰহণ কৰা এই পদক্ষেপক শলাগে স্থানীয় ৰাইজে ৷

12:40 March 20

বটদ্ৰৱা থানত বিশেষ পদক্ষেপ গ্ৰহণ

পৰিস্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব

বটদ্ৰৱা,20 মাৰ্চঃ ৰাজ্য চৰকাৰৰ আহ্বানমৰ্মে গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানত কৰ’ণা ভাইৰাছৰ পৰা হাতসাৰি থাকিবলৈ থান পৰিচালনা সমিতিৰ বিশেষ পদক্ষেপ গ্ৰহণ । সেয়ে শুকুৰবাৰে বটদ্ৰৱা থানৰ চৌহদ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি তোলে পৰিচালনা সমিতিয়ে ৷ লগতে যাত্ৰীৰ সুবিধাৰ্থে ব্যৱস্থা কৰে পৰিষ্কাৰ পানী আৰু চাবোনৰ । থানলৈ অহা প্ৰতিজন যাত্ৰীকে চৰকাৰৰ নীতি-নিৰ্দেশনা মানি চলিবলৈ অনুৰোধ জনাইছে পৰিচালনা সমিতিয়ে ৷

11:39 March 20

কৰিমগঞ্জত স্পৰ্শকাতৰ এলেকা হিচাপে পৰিচিত লাইন হোটেল

Corona Virus
স্পৰ্শকাতৰ এলেকা হিচাপে পৰিচিত হোটেল

কৰিমগঞ্জ,20 মাৰ্চঃ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে হাতত লৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । সমগ্ৰ ৰাজ্যতে ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে বিদ্যালয়,মহাবিদ্যালয়,বাৰ,বিউটি পাৰ্লাৰ,চেলুনকে ধৰি জনসমাগম ঘটা বিভিন্ন অনুষ্ঠানসমূহ ৷ সমান্তৰালকৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজক সচেতন হ’বলৈ আহ্বান জনাইছে । কিন্তু,ৰাজ্যত এনে অঞ্চল আছে য’ৰ পৰা সহজে ভাইৰাছবিধ বিয়পাৰ আশংকা প্ৰকাশ কৰা হৈছে । ঠাইসমূহ বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ লাইন হোটেল বা ধাবাৰ পৰা এই ভাইৰাছ সংক্ৰমণৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ৷ কিয়নো ধাবাসমূহত বিভিন্ন প্ৰান্তৰ পৰা অহা বাহনসমূহৰ চালক আৰু হেণ্ডিমেনসকলে আহাৰ গ্ৰহণ কৰে । বিশেষকৈ কৰিমগঞ্জ-অসম-ত্ৰিপুৰা সংযোগী 8 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী লাইন হোটেলসমূহৰ ক্ষেত্ৰত গুৰুত্ব দিয়া নাই জিলা প্ৰশাসনে । অথচ এই ঠাইসমূহ কৰ’ণা ভাইৰাছ বিয়পাৰ ক্ষেত্ৰত অতি স্পৰ্শকাতৰ ঠাই হিচাপে পৰিচিত হৈছে ৷

Last Updated : Mar 20, 2020, 11:33 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.