ETV Bharat / state

গণ সংক্ৰমণৰ দিশে কৰিমগঞ্জৰ পৰিস্থিতি

কৰিমগঞ্জৰ জিলা উপায়ুক্ত এম পি আম্বামুথানে সম্প্ৰতি জিলাখনত কৰ’ণা ভাইৰাছ গণ সংক্ৰমণৰ দিশে আগবঢ়া বুলি প্ৰকাশ কৰি সকলো নাগৰিকক সুৰক্ষাৰ স্বাৰ্থত বিনা কাৰণত ঘৰৰ পৰা নোলাবলৈ আহ্বান জনাইছে ৷ জিলাখনত বৰ্তমানলৈকে 381 গৰাকী লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ পৰৱৰ্তী সময়ত একাংশ ব্যক্তি সুস্থ হৈ ঘৰলৈ উভটি যোৱাৰ বিপৰীতে বৰ্তমান 51 গৰাকী লোকে চিকিৎসা গ্ৰহণ কৰি আছে ৷

Corona virus situation is becoming community spread in karimganj assam etv bharat news
গণ সংক্ৰমণৰ দিশে কৰিমগঞ্জ
author img

By

Published : Jul 16, 2020, 10:55 AM IST

কৰিমগঞ্জ,16 জুলাই: ক্ৰমাৎ গণ সংক্ৰমণৰ দিশে কৰিমগঞ্জৰ পৰিস্থিতি ৷ বিগত দুদিনত কৰিমগঞ্জত 29 গৰাকী লোকক দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ আক্ৰান্ত উক্ত লোকসকলৰ ভিতৰৰ 19 গৰাকীৰে নাই কোনো ভ্ৰমণ বৃত্তান্ত ৷ সেয়ে জিলাখনত কৰ’ণা ভাইৰাছৰ গণ সংক্ৰমণৰ আশংকা প্ৰকাশ কৰা হৈছে ৷

উল্লেখ্যে যে, বুধবাৰে চিনাক্ত হোৱা লোকসকলৰ মাজত আছে 11 গৰাকী নাপিতৰ লগতে এগৰাকী বিউটি পাৰ্লাৰৰ কৰ্মচাৰী ৷ ইয়াৰ লগতে আক্ৰান্তৰ তালিকাত ৰে’ল আৰক্ষী আৰু অসম আৰক্ষীত কৰ্মৰত এগৰাকী ব্যক্তি সন্নিৱিষ্ট আছে বুলি জানিব পৰা গৈছে ৷ তদুপৰি কৰিমগঞ্জ ৰে’ল ষ্টেচনত কৰ্মৰত এগৰাকী ৰে’ল আৰক্ষী আৰু জিলাখনৰ আৰক্ষী নিৱেশৰ অসম আৰক্ষীৰ এগৰাকী জোৱানৰ দেহতো শেহতীয়াভাৱে ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ এই ঘটনাৰ পিছতে সুৰক্ষাৰ স্বাৰ্থত কৰিমগঞ্জ ৰে’ল ষ্টেচনৰ আৰক্ষী কক্ষ আৰু জিলাখনৰ আৰক্ষী নিৱেশ ছীল কৰে প্ৰশাসনে ৷ সম্প্ৰতি জিলা প্ৰশাসনে আক্ৰান্তৰ সৈতে সংস্পৰ্শলৈ অহা ব্যক্তিসকলক চিনাক্ত কৰি স্বাৱ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ তদুপৰি লক ডাউন শিথিল কৰাৰ পিছত প্ৰশাসনে বিউটি পাৰ্লাৰ আৰু চেলুন সমূহ খোলাৰ নিৰ্দেশ প্ৰদান কৰিছিল ৷ কিন্তু শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে পুনৰবাৰ জিলাখনৰ সকলো পাৰ্লাৰৰ লগতে চেলুনসমূহ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

গণ সংক্ৰমণৰ দিশে কৰিমগঞ্জ

জিলা উপায়ুক্ত এম পি আম্বামুথানেও সম্প্ৰতি কৰিমগঞ্জত কৰ’ণা ভাইৰাছ গণ সংক্ৰমণৰ দিশে আগবঢ়া বুলি প্ৰকাশ কৰি সকলো নাগৰিকক সুৰক্ষাৰ স্বাৰ্থত বিনা কাৰণত ঘৰৰ পৰা নোলাবলৈ আহ্বান জনায় ৷ জিলাখনত বৰ্তমানলৈকে 381 গৰাকী লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ পৰৱৰ্তী সময়ত একাংশ ব্যক্তি সুস্থ হৈ ঘৰলৈ উভটি যোৱাৰ বিপৰীতে বৰ্তমান 51 গৰাকী লোকে চিকিৎসা গ্ৰহণ কৰি আছে ৷

লগতে চাওকঃ ৰহস্যময় অৱস্থাত ইৰানত ভস্মীভূত 7খনকৈ জাহাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.