ETV Bharat / state

কৰিমগঞ্জত চিকিৎসালয়ৰ পৰা কৰ’ণা ৰোগীৰ পলায়ন

চিকিৎসালয়ৰ পৰা কৰ’ণা আক্ৰান্তৰ পলায়ন । কৰিমগঞ্জৰ পাথাৰকান্দিত সংঘটিত হৈছে এই ঘটনা ৷

ৰাজ্যত পুনৰ কৰ’ণা আক্ৰান্তৰ পলায়ন
corona patient escaped from the hospital
author img

By

Published : May 6, 2021, 5:56 PM IST

কৰিমগঞ্জ,6 মে’: ৰাজ্যত ভয়াৱহ হাৰত ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ মাজতেই চিকিৎসালয়ৰ পৰা পলায়ন কৰিছে এগৰাকী ৰোগীয়ে ৷ এই ঘটনাক লৈ কৰিমগঞ্জৰ পাথাৰকান্দিত তীব্ৰ আতংকৰ সৃষ্টি হৈছে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, পাথাৰকান্দি সমষ্টিৰ মামবাৰী এলেকাৰ হাসনা বেগম নামৰ মহিলাগৰাকীৰ স্বামীৰ সৈতে পাথাৰকান্দি চিকিৎসালয়লৈ গৈছিল আৰু তাতেই পৰীক্ষাৰ অন্তত তেওঁৰ শৰীৰত ক’ভিড 19 ৰ অৱস্থিতি ধৰা পৰে ।

কৰিমগঞ্জত চিকিৎসালয়ৰ পৰা কৰ’ণা ৰোগীৰ পলায়ন

ইয়াৰ পিছতে স্বামীৰ সৈতে চিকিৎসালয়ৰ পৰা পলাই যায় মহিলাগৰাকী । অৱশ্যে চিকিৎসালয়ৰ মুৰব্বী ডাঃ প্ৰদীপ দে-এ এই ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰে । আৰক্ষীয়ে ইতিমধ্যে মহিলাগৰাকীৰ সন্ধানত অভিযান চলাই আছে ।

উল্লেখযোগ্য যে, জিলাখনত তীব্ৰ গতিত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা ৷ কিন্তু এচাম লোক এতিয়াও সজাগ হোৱা নাই । ইপিনে, পাথাৰকান্দিৰ ৰাজহ চক্ৰ বিষয়াৰ লগতে বহু কেইজন লোক কৰ’ণাত আক্ৰান্ত হোৱাৰ কথা সদৰী কৰিছে চিকিৎসালয়খনৰ মুৰব্বীজনে ।

লগতে পঢ়ক : কৰ'ণাত আক্ৰান্ত আশাৰাম বাপু আইচিইউত চিকিৎসাধীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.