ETV Bharat / state

Congress Worker Protest: কমলাক্ষ্য দে’ পুৰকায়স্থক নিন্দা; কৰিমগঞ্জত জ্বলিল পীযুষ হাজৰিকাৰ জুমুঠি

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 9:56 AM IST

কৰিমগঞ্জত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ ৷ মন্ত্ৰী পীযুষ হাজৰীকাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ ৷ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ সন্দৰ্ভত কৰা মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ ৷

Congress Worker Protest
অভিভাৱক মন্ত্ৰীয়ে কৰিমগঞ্জৰ কাৰনে কি কৰিলে
অভিভাৱক মন্ত্ৰীয়ে কৰিমগঞ্জৰ কাৰণে কি কৰিলে

কৰিমগঞ্জ, 4 ছেপ্টেম্বৰ : কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদl উত্তাল কৰিমগঞ্জ ৷ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাই কৰা বিৰূপ মন্তব্যৰ বিৰুদ্ধে দেওবাৰে প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ ৷ কৰিমগঞ্জৰ ইন্দিৰা ভৱনৰ সন্মুখত মন্ত্ৰী পীযুষ হাজৰীকাৰ পুত্তলিকা দাহৰে বিজেপি চৰকাৰ হায় হায়, মন্ত্ৰী পীযুষ হাজৰীকা গ’বেগ আদি ধ্বনিৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷

‘‘বৰ্তমান চৰকাৰৰ দিনতো চিণ্ডিকেটৰ মাষ্টাৰমাইণ্ডৰ ভূমিকাত আছে মন্ত্ৰী হাজৰীকা, গতিকে বিধায়ক কমলাক্ষৰ বিৰুদ্ধে মন্তব্য কৰাৰ পূৰ্বে মন্ত্ৰী হাজৰীকাই ভাবি চাব লাগে ৷ মন্ত্ৰী হাজৰীকাৰ দুৰ্নীতিৰ বাবে কংগ্ৰেছে ক্ষমতা হেৰুৱাইছিল ৷’’ এই অভিযোগ প্ৰতিবাদী কংগ্ৰেছ কৰ্মীৰ ৷

প্ৰতিবাদত অংশ গ্ৰহণ কৰি কংগ্ৰেছ সেৱা দলৰ সভাপতি সন্দীপ নন্দীয়ে সমালোচনা কৰি কয় যে, কৰিমগঞ্জৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই কৰিমগঞ্জৰ বাবে কি কৰিলে ! বিভিন্ন সমস্যাৰে জৰ্জৰিত কৰিমগঞ্জৰ বাবে কিয় নিমাত অভিভাৱক মন্ত্ৰী হাজৰীকা ! কিন্তু আমাৰ বিধায়কক অপমানসূচক মন্তব্য কৰিছে ৷ অসমৰ ৰাইজে জানে চাকৰি কেলেংকাৰীৰ বিষয়ে ৷ বিজেপি চৰকাৰৰ দিনত ধনৰ বিনিময়ত চাকৰিৰ বেপাৰ চলিছে ৷ যদিহে মন্ত্ৰী গৰাকীয়ে ক্ষমা নুখুজিলে তীব্ৰ প্ৰতিবাদ কৰা হ’ব ৷’’

‘‘আমি ধিক্কাৰ জনাইছো ৷ কংগ্ৰেছৰ বিৰুদ্ধে যদিহে আৰু এটা বিৰূপ মন্তব্য কৰে তেতিয়া হ’লে আন্দোলন তীব্ৰতৰ কৰি তোলা হ’ব ৷ চিণ্ডিকেটৰ খলনায়ক পীযুষ হাজৰীকাই এনে ধৰণৰ মন্তব্যৰ পৰা বিৰত থাকক ৷’’ এই মন্তব্য প্ৰতিবাদী কংগ্ৰেছ কৰ্মীৰ ৷

শুকুৰবাৰে মন্ত্ৰী পীযুষ হাজৰীকাই কৈছিল, ‘‘কংগ্ৰেছ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই মোৰ ঘৰৰ ভিতৰলৈ আহে, মোৰ পৰা কিবাকিবি লৈ থাকে ৷"

লগতে পঢ়ক:Youth Congress Protest: দুৰ্বল বিদ্যুৎ সেৱাৰ প্ৰতিবাদত কৰিমগঞ্জত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.