ETV Bharat / state

ৰাজনৈতিক স্বাৰ্থত বিজেপিয়ে প্ৰশাসনক যন্ত্ৰক ব্যৱহাৰ কৰাৰ অভিযোগ - এআইইউডিএফ

বৰাকত কংগ্ৰেছৰ নিৰ্বাচনী কুচ-কাৱাজ আৰম্ভ ৷ বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ সাংগঠনিক সভাত বাধা সৃষ্টিৰ অভিযোগ ৷ কংগ্ৰছৰ সভাত বাধা সৃষ্টিৰ উদ্দেশ্যে প্ৰশাসন যন্ত্ৰৰ অপব্যৱহাৰৰ অভিযোগ কৰিমগঞ্জ জিলাৰ কংগ্ৰেছ কৰ্মীৰ ৷ কংগ্ৰেছ নেতা পংকজ বৰবৰাৰ দাবী বৰাকত এইবাৰ মিত্ৰজোঁটৰ চৰকাৰে লাভ কৰিব 13 খন আসন ৷

ৰাজনৈতিক স্বাৰ্থত বিজেপিয়ে প্ৰশাসনিক যন্ত্ৰ ব্যৱহাৰ কৰাৰ অভিযোগ

author img

By

Published : Sep 22, 2020, 12:57 PM IST

কৰিমগঞ্জ, 22 চেপ্তেম্বৰ: বিজেপিৰ বিৰুদ্ধে ৰাজনৈতিক স্বাৰ্থত প্ৰশাসনিক যন্ত্ৰ অপব্যৱহাৰৰ অভিযোগ কৰিমগঞ্জ জিলাৰ কংগ্ৰেছ কৰ্মীৰ ৷ জিলাখনৰ কংগ্ৰেছ কৰ্মীৰ অভিযোগ, কংগ্ৰেছৰ সাংগঠনিক ঘৰুৱা সভা ভংগ কৰাৰ উদ্দেশ্যে প্ৰশাসন যন্ত্ৰ ব্যৱহাৰ কৰিছে বিজেপিয়ে ৷ বিজেপিয়ে শক্তিৰ অপপ্ৰয়োগেৰে কংগ্ৰেছৰ সভা সমিতিত বাধাৰ সৃষ্টি কৰাৰ অভিযোগ কৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ দাবীদাৰ শচীন চাহুৰ ৷ আকৌ কংগ্ৰেছ নেতা পংকজ বৰবৰাৰ মন্তব্য যে মিত্ৰজোঁটৰ জনপ্ৰিয়তা দেখি বিজেপিয়ে ভয় খাইছে ৷

2021 ৰ নিৰ্বাচনক লৈ শাসক বিজেপি উভয়ৰে তৎপৰতা বাঢ়ি গৈ আছে ৷ সেই অনুসৰি আগন্তুক বিধানসভা নিৰ্বাচনত কোনে কিমান আসন পাব সেই লৈও শাসক বিৰোধীৰ মাজত বাকযুদ্ধ অব্যাহত থকাৰ মাজতে অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক পংকজ বৰবৰাৰ দাবী বৰাকত এইবাৰ মিত্ৰজোঁটে লাভ কৰিব 13 খন আসন ৷ কৰিমগঞ্জৰ নিৰ্বাচনী পৰ্যবেক্ষকৰ দায়িত্বত থকা বৰবৰাই সাংবাদিকৰ আগত কয় যে কংগ্ৰেছৰ বাবে ধৰ্ম বা ভাষিক বৈষম্য ডাঙৰ কথা নহয়, বৰঞ্চ বিজেপিৰ অপশাসনৰ ওৰ পেলোৱাৰ উদ্দেশ্যে ধৰ্ম আৰু ভাষা নিৰ্বিশেষে সকলোৱে একগোট হ’ব ৷

বিজেপিয়ে মিত্ৰজোঁটৰ শক্তি দেখি ভয় খাইছে : পংকজ বৰবৰা

প্ৰত্যেক দলেই নিৰ্বাচনী কুচ-কাৱাজ আৰম্ভ কৰাৰ সমান্তৰালকৈ বৰাক উপত্যকাৰ সমষ্টিয়ে সমষ্টিয়ে দলৰ ভেটি সুদৃঢ় কৰাৰ বাবে কংগ্ৰেছেও তৃণমূল পৰ্যায়ত কাম আৰম্ভ কৰিছে ৷ সোমৰাৰে ৰাতাবাৰী আৰু পাথাৰকান্দি সমষ্টিৰ বিভিন্ন ঠাইত দলীয় তৃণমূল পৰ্য্যায়ৰ কৰ্মীৰ সৈতে মত বিনিময় কৰি 21 ৰ নিৰ্বাচনত প্ৰভাৰী হিচাপে কৰিমগঞ্জৰ দায়িত্বত থকা পংকজ বৰবৰাই দলৰ ভেটি মজবুত কৰি 21 ৰ নিৰ্বাচনৰ বাবে সাজু হোৱাৰ পৰামৰ্শ প্ৰদান কৰে ।

উল্লেখ্য যে বৰাক উপত্যকাৰ চাৰিটা সমষ্টি এআইইউডিএফ দলৰ দখলত থকাৰ সমান্তৰালকৈ তিনিখন সমষ্টি কংগ্ৰেছৰ দখলত আছে । এই ক্ষেত্ৰত সাংবাদিকৰ প্ৰশ্নৰ আগত ছিটিং গেটিং লৈ সমস্যাৰ সৃষ্টি নহয় বুলি পংকজ বৰবৰাই উল্লেখ কৰিছে যদিও দক্ষিণ কৰিমগঞ্জৰ ক্ষেত্ৰত ছিদ্দিক আহমেদৰ নাম উল্লেখ কৰা পৰিলক্ষিত হ'ল ।
লগতে পঢ়ক: বিজেপি অগপৰ মিত্ৰজোঁটে পুনৰ চৰকাৰ গঠন কৰিব: ফণীধৰ বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.