ETV Bharat / state

বিজেপি চৰকাৰৰ বিৰুদ্ধে বৰাকত কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Dec 25, 2020, 2:15 PM IST

বৰাকত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ দ্বিতীয় দিনা বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদ ৷ বৰাক উপত্যকাৰ তিনিওখন জিলাতে বিজেপি চৰকাৰে নিৰ্বাচনৰ পূৰ্বে দিয়া বিভিন্ন প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ উত্থাপন কৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷

congress protest against BJP at karimgan
বিজেপি চৰকাৰৰ বিৰুদ্ধে বৰাকত কংগ্ৰেছৰ প্ৰতিবাদ

কৰিমগঞ্জ, 25 ডিচেম্বৰ : বিজেপি চৰকাৰৰ বিশ্বাসঘাটকতাৰ বিৰুদ্ধে বৰাকত কংগ্ৰেছৰ প্ৰতিবাদ ৷ পোনপ্ৰথম বাৰৰ বাবে সীমান্ত চহৰ কৰিমগঞ্জত অনুষ্ঠিত হোৱা ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ দ্বিতীয়টো দিনত কংগ্ৰেছে কৰিমগঞ্জ জিলাত ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ জিলা কংগ্ৰেছৰ উদ্যোগত কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত অস্থায়ী ধর্ণা মঞ্চত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

নিৰ্বাচনৰ পূৰ্বে বৰাক উপত্যকাৰ তিনিওখন জিলাতে বিজেপি চৰকাৰে বিভিন্ন প্ৰতিশ্ৰুতি দিছিল কিন্তু এটা প্ৰতিশ্ৰুতিও পালন নকৰাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে ৷ কাছাৰ কাগজ কল, কৰিমগঞ্জত মেডিকেল কলেজ আৰু ৰাজপথ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া কাৰ্যত পৰিণত নহ'ল ৷ বাৰে বাৰে বিজেপিয়ে ৰাজ্যবাসীক বিশ্বাসঘাটকতা কৰিছে বুলি জিলা কংগ্ৰেছৰ সভাপতি সতু ৰয়ে মন্তব্য কৰে ৷

লগতে পঢ়ক: মদনপুৰত জ্বলাই দিয়া হ’ল টোলগেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.