কৰিমগঞ্জ, 21 ফেব্ৰুৱাৰী : কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিত দেওবাৰে কংগ্ৰেছৰ সভাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ সভাস্থলীত প্ৰবেশ কৰা লৈ আৰম্ভ হয় উত্তেজনাময় পৰিস্থিতিৰ । সমৰ্থকৰ বিৰোধী শ্ল’গানত অধিক উত্তপ্ত হৈ পৰে চৌদিশৰ পৰিবেশ । পাথাৰকান্দিৰ আছিমগঞ্জৰ মদনী ভৱনত দেওবাৰে অনুষ্ঠিত হয় কংগ্ৰেছৰ পদাধিকাৰী সভা ।
সভাখনত উপস্থিত আছিল কংগ্ৰেছৰ পৰ্যবেক্ষক অনিৰুদ্ধ সিনহা ৷ অধিকাংশ পদাধিকাৰীক সভাস্থলীত প্ৰৱেশ কৰিব নিদিয়াকলৈ প্ৰথমে উত্তেজনাময় পৰিবেশৰ সূত্ৰপাত হয় । পাছত পাথাৰকান্দি অঞ্চলত কংগ্ৰেছৰ স্থানীয় নেতৃত্ব তথা সমৰ্থকসকল আহি উপস্থিত হোৱাত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে । পৰ্যবেক্ষকৰ সম্মুখত সভাস্থলীত সমৰ্থকে শ্ল’গান অব্যাহত ৰখাৰ ফলতে পৰ্যবেক্ষকে চমুকৈ বক্তব্য দি সভাস্থলী ত্যাগ কৰিবলৈ বাধ্য হয় ।
লগতে পঢ়ক : মিৰ্জাত চাঞ্চল্যকৰ অপহৰণ কাণ্ড : ৰাজপথৰ পৰা অপহৰণ কৰি নিলে ব্যৱসায়ীক