ETV Bharat / state

দলীয় স্থিতি মজবুত কৰিবলৈ বৰাক ভ্ৰমণ জিতেন্দ্ৰ সিঙৰ - কৰিমগঞ্জ

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে কৰিমগঞ্জৰ এখন দলীয় সভাত অংশ গ্ৰহণ কৰে ৷ এই সভাতে ৰাতাবাৰীৰ প্ৰাক্তন বিজেপি বিধায়ক শম্ভূ সিং মাল্লা আৰু কৰিমগঞ্জ জিলাৰ প্ৰাক্তন এআইইউডিএফ সভাপতি আব্দুল মালিক চৌধুৰীয়ে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে ৷

জিতেন্দ্ৰ সিং
জিতেন্দ্ৰ সিং
author img

By

Published : Dec 6, 2020, 12:53 PM IST

কৰিমগঞ্জ, 6 ডিচেম্বৰ: কংগ্ৰেছৰ দলৰ ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে কৰিমগঞ্জত উপস্থিত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ৷ কৰিমগঞ্জত উপস্থিত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এখন দলীয় সভাত অংশগ্ৰহণ কৰে নেতাগৰাকীয়ে ৷

কৰিমগঞ্জত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ প্ৰভাৰী জিতেন্দ্ৰ সিং

জ্যেষ্ঠ নেতাগৰাকীৰ সৈতে উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকীও নেতাৰ লগতে বৰাক উপত্যকাৰ বহু কংগ্ৰেছ নেতা ৷ দেওবাৰে ৰাতাবাৰীৰ প্ৰাক্তন বিজেপি বিধায়ক শম্ভূ সিং মাল্লা আৰু কৰিমগঞ্জ জিলাৰ প্ৰাক্তন এআইইউডিএফ সভাপতি আব্দুল মালিক চৌধুৰীয়ে নেতাগৰাকীৰ উপস্থিতত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে ৷ আনহাতে দলীয় সভাখনৰ শেষত সংবাদ সন্মিলনীত নেতাগৰাকীয়ে AIUDFৰ সৈতে মিত্ৰতা সম্বন্ধতো মন্তব্য প্ৰদান কৰে ৷

লগতে পঢ়ক: অগপৰ নগাঁও বিধান পৰিষদৰ প্ৰথমখন কাৰ্যকৰী সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.