ETV Bharat / state

বিজেপিত যোগদান 5 শতাধিক কংগ্ৰেছ আৰু AIUDF সদস্যৰ

author img

By

Published : Jul 25, 2020, 2:21 PM IST

শুকুৰবাৰে কটামনি বজাৰত অনুষ্ঠিত সভাখনত যোগদানকাৰীৰ ভিতৰত AIUDF ৰ প্ৰাক্তন সভাপতি আব্দুল ছালাম ,কংগ্ৰেছৰ ৱৰ্ড সদস্য ইব্ৰাহিম আলীও উপস্থিত আছিল । প্ৰায় পাঁচ শতাধিক যোগদানকাৰীৰ লগতে পুতনি চাহ বাগিচাৰ বহু কেইজন কংগ্ৰেছ কৰ্মীও বিজেপিত যোগদান কৰে ।

Karimganj
বিজেপিত যোগদান

কৰিমগঞ্জ, 25 জুলাইঃ 2021 বৰ্ষৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ আৰু AIUDF ত ব্যাপক খহনীয়া হোৱা পৰিলক্ষিত হৈছে ৷ তথ্য অনুসৰি শেহতীয়াকৈ কৰিমগঞ্জৰ কংগ্ৰেছ আৰু AIUDF ৰ 5 শতাধিক সদস্যই বিজেপিত যোগদান কৰিছে ৷ কৰিমগঞ্জৰ পাথাৰৰকান্দি সমষ্টিৰ বিধায়ক কৃশেন্দু পালৰ নেতৃত্বত বিজেপিত যোগদান কৰে সংখ্যালঘু আৰু চাহ জনগোষ্ঠীৰ লোকসকলে ৷

লগতে পঢ়কঃ COVID-19 যোদ্ধালৈ স্বৰ্ণ পদক উচৰ্গা কৰিলে হিমা দাসে

শুকুৰবাৰে কটামনি বজাৰত অনুষ্ঠিত সভাখনত যোগদানকাৰীৰ ভিতৰত AIUDF ৰ প্ৰাক্তন সভাপতি আব্দুল ছালাম ,কংগ্ৰেছৰ ৱৰ্ড সদস্য ইব্ৰাহিম আলীও উপস্থিত আছিল । প্ৰায় পাঁচ শতাধিক যোগদানকাৰীৰ লগতে পুতনি চাহ বাগিচাৰ বহু কেইজন কংগ্ৰেছ কৰ্মীও বিজেপিত যোগদান কৰে ।

বিজেপিত যোগদান 5 শতাধিক কংগ্ৰেছ আৰু AIUDF সদস্যৰ

উল্লেখ্য যে, বিজেপিক সাম্প্ৰদায়িক দল হিচাবে বহু লোকে অপ্ৰচাৰ চলাই আছে যদিও বিজেপি একমাত্ৰ দল যি দল সকলো সম্প্ৰদায়ৰ উন্নয়নৰ বাবে কাম কৰি আছে বুলি সভাত বিজেপি সদস্যই মন্তব্য কৰে । ইয়াৰোপৰি, জিলাখনত এই পৰ্যন্ত প্ৰায় এহাজাৰৰো অধিক লোক গেৰুৱা দলটোত যোগদান কৰা বুলি জানিব পৰা গৈছে ৷

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.