কৰিমগঞ্জ, 11 আগষ্ট : নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত 24 ঘণ্টা বিদ্যুৎ যোগান দিয়াৰ প্ৰতিশ্ৰুতি দি দিছপুৰৰ গাদী দখল কৰাৰ পাছত চৰকাৰখনে দিয়া বিদ্যুৎ যোগানৰ উক্ত প্ৰতিশ্ৰুতি অসাৰ হৈছে কৰিমগঞ্জ জিলাত ৷ জিলাখনত অনিয়মীয়া বিদ্যুৎ যোগানৰ লগতে ৰাইজৰ পৰা অতিৰিক্ত বিদ্যুতৰ মাছুল সংগ্ৰহ কৰি থকাৰো অভিযোগ উত্থাপন হৈছে ৷ মাত্ৰ এটা বা দুটা বৈদ্যুতিক লাইট জ্বলোৱা একাংশ গ্ৰাহকৰ নামত তিনি-চাৰি হাজাৰ টকাৰ বিদ্যুতৰ বিল পঠিয়াই দিয়াৰো অভিযোগ উত্থাপন হৈছে ৷ যাৰ ফলত এতিয়া অতিৰিক্ত বিদ্যুতৰ মাছুল পৰিশোধ আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ ফলত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে গ্ৰাহক সকল ৷
সোমবাৰে কৰিমগঞ্জৰ বামপন্থী নেতা বিশ্বজিৎ দাসৰ নেতৃত্বৰ ঘোৰামাৰা এলাকাৰ ৰাইজে কৰিমগঞ্জৰ বদৰপুৰস্থিত বিদ্যুৎ বিভাগৰ উপ-সংমণ্ডল ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে তথা এই সমস্যাৰ অতি সোনকালে সমাধান কৰিবলৈকো দাবী জনাইছে ৷
লগতে পঢ়ক : কামপুৰ আৰক্ষীৰ জালত নাবালিকা ধৰ্ষণকাৰী