ETV Bharat / state

কৰিমগঞ্জত পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ

author img

By

Published : Jun 26, 2020, 10:30 PM IST

নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পূৰ্বেই কৰিমগঞ্জত নিৰ্মীয়মান পথত মেলিছে চিৰাল ফাঁট ৷ ক্ষুব্ধ ৰাইজে এই বিষয়ত উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰি পথ নিৰ্মাণৰ কাম বন্ধ কৰি দিছে ৷

complain against road construction in karimganj

কৰিমগঞ্জ, 26 জুন: কৰিমগঞ্জত পথ নিৰ্মাণত গাফিলতিৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ জানিব পৰা মতে, নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পূৰ্বেই নিৰ্মীয়মান পথত মেলিছে চিৰাল ফাঁট ৷ প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মীয়মান অৱস্থাত আছে ফকিৰবজাৰ বৰচিলাৰ পৰা বিন্নাকান্দি মালিজুৰি হৈ পানীঘাট সংযোগী চাৰি কিলোমিটাৰ দৈৰ্ঘৰ পথটো ৷

কৰিমগঞ্জত পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ

প্ৰায় 4 কোটি টকা আৱণ্টিত এই পথটোৰ নিৰ্মাণকাৰ্য অতি নিম্ন মানৰ হোৱাৰ বুলি সম্প্ৰতি অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ গড়কাপ্টানি বিভাগৰ অভিযন্তা, ঠিকাদাৰকে ধৰি কৰ্মচাৰীসকলে পথটোৰ নিৰ্মাণ কাৰ্যত যাৱতীয় সামগ্ৰী ব্যৱহাৰ নকৰি আৱণ্টিত ধন লুণ্ঠন কৰিলে বুলি অভিযোগ উত্থাপন হৈছে ৷ সম্প্ৰতি ক্ষুব্ধ ৰাইজে এই বিষয়ত উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰি পথ নিৰ্মাণৰ কাম বন্ধ কৰি দিছে ৷

লগতে পঢ়কঃ গহপুৰত চত্ৰং নৈয়ে ধাৰণ কৰিছে বিধ্বংসী ৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.