ETV Bharat / state

CM Vigilance at Patharkandi : কৰিমগঞ্জৰ পাথাৰকান্দিত মুখ্যমন্ত্ৰী তদাৰকী কোষৰ দল - কৰিমগঞ্জৰ পাথাৰকান্দি

পথ নিৰ্মাণৰ কামত ঠিকাদাৰৰ নিম্ন মানদণ্ডৰ কামৰ বিৰুদ্ধে ৰাইজে কৰা অভিযোগৰ ভিত্তিত সোমবাৰে তদন্তৰ বাবে পাথাৰকান্দিত উপস্থিত মুখ্যমন্ত্ৰী তদাৰকী কোষৰ দল ৷ পাথাৰকান্দি সমষ্টিৰ বুৰুংগা পঞ্চায়তৰ অন্তৰ্গত 11 কোটি টকাৰ তিনিটা পথ নিৰ্মাণৰ প্ৰকল্পত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল ৷

CM Vigilance Team Visit Patharkandi in Karimganj
পাথাৰকান্দিত উপস্থিত মুখ্যমন্ত্ৰী তদাৰকী কোষৰ দল
author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 10:03 PM IST

কৰিমগঞ্জৰ পাথাৰকান্দিত মুখ্যমন্ত্ৰী তদাৰকী কোষৰ দল

কৰিমগঞ্জ, 4 ছেপ্টেম্বৰ : কৰিমগঞ্জৰ পাথাৰকান্দিত উপস্থিত মুখ্যমন্ত্ৰী তদাৰকী কোষৰ দল ৷ নাবাৰ্ড'ৰ অন্তৰ্গত পথ নিৰ্মাণৰ কামত ঠিকাদাৰৰ নিম্ন মানদণ্ডৰ কামৰ বিৰুদ্ধে ৰাইজে কৰা অভিযোগৰ ভিত্তিত সোমবাৰে পাথাৰকান্দিৰ নৱ নিৰ্মিত এটা পকী পথৰ অভিযোগৰ তদন্ত কৰে তদন্তকাৰী দলটোৱে ৷

কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি সমষ্টিৰ বুৰুংগা পঞ্চায়তৰ অন্তৰ্গত 11 কোটি টকাৰ তিনিটা পথ নিৰ্মাণৰ প্ৰকল্পত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল ৷ এই দুৰ্নীতিৰ বিষয়টো সামাজিক মাধ্যম যোগে উত্থাপন কৰিছিল একাংশ লোকে ৷ পৰৱৰ্তী সময়ত এই অভিযোগ দৃষ্টিগোচৰ হৈছিল পাথাৰকান্দি সমষ্টিৰ বিধায়ক কৃষ্ণেন্দু পাল'ৰ ৷ সেয়েহে বিধায়কগৰাকীয়ে তথ্য সহ এই দুৰ্নীতিৰ অভিযোগ জনাইছিল মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত ৷

ইয়াৰ পাছতেই সোমবাৰে পৰেশ হালৈ নামৰ এগৰাকী বিষয়াৰ নেতৃত্বত মুখ্যমন্ত্ৰী তদাৰকী কোষৰ এটা দলে চান্দখিৰা দলঙৰ পৰা কাটাবাৰী লৈকে নিৰ্মীয়মান 2.14 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথৰ কামৰ মানদণ্ড পৰীক্ষা কৰি অভিযোগৰ সত্যতা নিৰূপণ কৰে ৷ উল্লেখযোগ্য যে, এই পথচোৱা নিৰ্মাণৰ দায়িত্বত আছিল ঠিকাদাৰ প্ৰতাপ সিনহাৰ মালিকানাধীন পিএনবি নামৰ এক ঠিকাদাৰী প্ৰতিষ্ঠান ৷ তিনি কোটি টকা ব্যয়ৰে নিৰ্মাণ হোৱা পথটোৰ নিৰ্মাণৰ কামত ঠিকাদাৰে যথেষ্ট বিসংগতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷

আনকি বৰষুণৰ মাজতো পথ নিৰ্মাণৰ নিম্নমানৰ কাম চলাই গৈছিল ঠিকাদাৰ প্ৰতাপ সিনহাই ৷ পৰৱৰ্তী সময়ত এই বিষয়ক লৈ ৰাইজে অভিযোগ কৰাত সোমবাৰে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ দল উপস্থিত হৈ চৰজমিন তদন্ত চলায় ৷ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে দাখিল কৰা প্ৰতিবেদনৰ পিছত বিভাগীয় কৰ্তৃপক্ষই ঠিকাদাৰৰ বিৰুদ্ধে কি ব্যবস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : Press Meet of Bhupen Borah : এবেলাৰ বাবে ভূপেন বৰাৰ সৈতে চাহ বাগিচা অঞ্চল পৰিদৰ্শন কৰিবলৈ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.