ETV Bharat / state

CM vigilance raid: বিধায়ক কমলাক্ষৰ ঘৰত চলিল মুখ্যমন্ত্ৰী তদাৰকী কোষ-জি এছ টি বিভাগৰ অভিযান - উত্তৰ কৰিমগঞ্জ সমষ্টি

বিধায়ক তথা কংগ্ৰেছ নেতা কমলাক্ষ দে’ পুৰকায়স্থৰ ঘৰত চলিল মুখ্যমন্ত্ৰী তদাৰকী কোষ আৰু জি এছ টি বিভাগৰ অভিযান ৷ পুৰকায়স্থৰ বাসগৃহৰ লগতে শিৱবাৰী পথৰ এটা গুদামতো বিষয়াসকলে অভিযান চলায় ৷

CM vigilance raid
মুখ্যমন্ত্ৰী তদাৰকী কোষ আৰু জি এছ টি বিভাগৰ অভিযান
author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 8:02 PM IST

বিধায়ক কমলাক্ষৰ ঘৰত মুখ্যমন্ত্ৰী তদাৰকী কোষৰ অভিযান

কৰিমগঞ্জ, 6 নৱেম্বৰ : উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক তথা কংগ্ৰেছ নেতা কমলাক্ষ দে’ পুৰকায়স্থৰ ঘৰত চলিল মুখ্যমন্ত্ৰী তদাৰকী কোষ আৰু জি এছ টি বিভাগৰ অভিযান ৷ সোমবাৰে বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ বাসগৃহত 7 ঘণ্টা ধৰি অভিযান চলায় মুখ্যমন্ত্ৰী তদাৰকী কোষ আৰু জি এছ টি বিভাগৰ বিষয়াই ৷ ইয়াৰ পূৰ্বেও বিধায়কজনৰ বাসগৃহত অভিযান চলাইছিল মুখ্যমন্ত্ৰী তদাৰকী কোষে ৷ এই ঘটনাক লৈ এতিয়া চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে ক্ষোভ প্ৰকাশ কৰিছে কংগ্ৰেছৰ নেতা-কৰ্মী সকলে ৷

মুখ্যমন্ত্ৰী তদাৰকী কোষৰ বিষয়া বিজু শৰ্মাৰ নেতৃত্বত এটা দল আৰু জি এছ টি বিভাগৰ অতিৰিক্ত আয়ুক্ত অনিল কুমাৰৰ নেতৃত্বত 12 জনীয়া এটা দলে এই অভিযান চলায় ৷ উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ বাসগৃহৰ লগতে শিববাৰী পথৰ এটা গুদামতো বিষয়াসকলে অভিযান চলায় ৷

বিধানসভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰীৰ তদাৰকী কোষ আৰু জি এছ টি বিভাগৰ বিষয়াসকলে উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ ঘৰত অভিযান চলোৱা ঘটনাক তীব্ৰ গৰিহণা দিয়ে ৷ এক ভিডিঅ’ বাৰ্তাত এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে ভাৰতীয় জনতা পাৰ্টীৰ অপশাসনৰ বিৰুদ্ধে মাত মতাৰ বাবেই কংগ্ৰেছকে ধৰি বিভিন্ন দলৰ নেতা-কৰ্মী সকলৰ ওপৰত যেনেধৰণে তেওঁলোকে ইডি, চিবিআই, আৰক্ষী লগাই হাৰাশাস্তি কৰি আছে সেয়া সকলোৱে দেখি আছে ৷ অসমো এইক্ষেত্ৰত কোনো গুণে কম নহয় বুলি কয় তেওঁ ৷ বিগত সময়চোৱাত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ বিভিন্ন অপকৰ্ম, দুৰ্নীতি-কেলেংকাৰীৰ বিৰুদ্ধে মাত মাতি অহাৰ বাবেই কংগ্ৰেছ আৰু অন্য দলৰ লোক সকলৰ ওপৰত হাৰাশাস্তি কৰি আহিছে ৷

দেৱব্ৰত শইকীয়াই লগতে কয় যে, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰাৰ বাবেই চৰকাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু কাৰ্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থক আৰক্ষী আৰু মুখ্যমন্ত্ৰী তদাৰকী কোষ লগাই বিভিন্ন ধৰণে হাৰাশাস্তি কৰিছে ৷ চৰকাৰৰ এই ধৰণৰ কামক তীব্ৰ গৰিহণা দিয়ে বিৰোধী দলপতিজনে ৷

লগতে পঢ়ক : BJP Workers Meets at Basugaon: বি পি এফৰ লগত নহয়, ইউ পি পি এলৰ সৈতে মিত্ৰতা আছে থাকিবই: জয়ন্ত মল্ল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.