ETV Bharat / state

পুনৰ বাল্য বিবাহৰ ঘটনা : বিবাহস্থলীৰ পৰা উদ্ধাৰ নাবালিকা

author img

By ETV Bharat Assamese Team

Published : Dec 29, 2023, 10:15 PM IST

Child marriage incident : কৰিমগঞ্জত সংঘটিত হ’ল বাল্য বিবাহৰ ঘটনা ৷ শিশু কল্যাণ সংস্থা আৰু আৰক্ষীয়ে বিবাহস্থলীৰ পৰা উদ্ধাৰ কৰে নাবালিকা গৰাকীক ৷

Child marriage incident
বিবাহস্থলীৰ পৰা উদ্ধাৰ নাবালিকা
কৰিমগঞ্জত বাল্য বিবাহৰ ঘটনা

কৰিমগঞ্জ, 29 ডিচেম্বৰ : কৰিমগঞ্জত বাল্য বিবাহৰ ঘটনা ৷ যিটো সময়ত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ বাল্য বিবাহৰ বিৰুদ্ধে চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে, বাল্য বিবাহৰে জৰিত শ শ লোকক আটক কৰিছে সেই সময়তে কৰিমগঞ্জত সংঘটিত হ’ল বাল্য বিবাহৰ দৰে এক ঘটনা ৷ অৱশ্যে প্ৰশাসনৰ হস্তক্ষেপত উদ্ধাৰ কৰা হয় ভুক্তভোগীক ৷

উত্তৰ কৰিমগঞ্জৰ সীমান্তৱৰ্তী দক্ষিণ লাফাশ্বাইলত সংঘটিত হয় এই বাল্য বিবাহৰ ঘটনা ৷ শিশু কল্যাণ সংস্থা আৰু আৰক্ষীয়ে ভুক্তভোগী নাবালিকা গৰাকীক বিবাহগৃহৰ পৰা উদ্ধাৰ কৰে ৷ আৰক্ষীৰ অহাৰ উমান পাই নাবালিকাক বিবাহ কৰিবলৈ অহা দৰাই পলায়ন কৰে ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

শিশু সুৰক্ষা সংস্থা আৰু কৰিমগঞ্জ আৰক্ষীয়ে গোপনে লাভ কৰা খবৰৰ ভিত্তিত বিবাহস্থলীত উপস্থিত হৈ নাবালিকা গৰাকীক উদ্ধাৰ কৰে ৷ জানিব পৰা মতে, কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপৰ দক্ষিণ লাফাশ্বাইল গাঁৱত বৃহস্পতিবাৰে এগৰাকী নাবালিকাৰ বিয়াৰ দিন ধাৰ্য কৰা হৈছিল ৷ এই খবৰ পোৱাৰ পিছতে জিলা শিশু কল্যাণ সংস্থাৰ বিষয়াসকলে ততাতৈয়াকৈ আৰক্ষীৰ সৈতে অবৈধ বাল্যবিবাহ ৰোধ কৰিবলৈ সেই স্থানত উপস্থিত হয় ৷

যদিও বিবাহ অনুষ্ঠানত অভিযান চলাই নাবালিকা গৰাকীক উদ্ধাৰ কৰা হয়, কিন্তু এই ঘটনাৰে জৰিত তথা নাবালিকাৰ পৰিয়ালৰ লোক আৰু দৰাৰ পৰিয়াল পলায়ন কৰে ৷ উদ্ধাৰ কৰা নাবালিকা গৰাকীক 'সখী- এক অৱস্থান কেন্দ্ৰ'ত ৰখা হয় ৷ প্ৰশাসনিক সূত্ৰই জনোৱা মতে আজি তেওঁক আদালতলৈ লৈ যোৱা হয় ৷

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, বিয়াঘৰত আৰক্ষীৰ উপস্থিতিৰ উমান পাই দৰাৰ সৈতে দৰাৰ পিতৃ-মাতৃ পলায়ন কৰে ৷ কঠোৰতাৰ মাজতো বাল্য বিবাহৰ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক : ধেমাজিৰ মাজেৰে বাংলাদেশলৈ ট্ৰাকে ট্ৰাকে সৰবৰাহ গো-ধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.