ETV Bharat / state

Badrighat bridge in Silchar: শিলচৰত বদ্ৰীঘাট দলং উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিলচৰত বদ্ৰীঘাট দলং উদ্বোধন কৰে । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বৃহস্পতিবাৰে বিভিন্ন এজেণ্ডা লৈ শিলচৰ উপস্থিত হয় ।

Chief Minister Himanta Biswa Sarma inaugurates Badrighat bridge in Silchar
মুখ্যমন্ত্ৰীয়ে শিলচৰত বদ্ৰীঘাট দলং উদ্বোধন কৰে
author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 7:30 PM IST

মুখ্যমন্ত্ৰীয়ে শিলচৰত বদ্ৰীঘাট দলং উদ্বোধন কৰে

কৰিমগঞ্জ, 7 ছেপ্টেম্বৰ : বৃহস্পতিবাৰে পুৱাই অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা কুম্ভীৰগ্ৰাম বিমানবন্দৰৰ পৰা শিলচৰত উপস্থিত হয় ৷ মুখ্যমন্ত্ৰীজনক বিমানবন্দৰত উষ্ম আদৰণি জনোৱা হয় । কেইবাটাও গুৰুত্বপূৰ্ণ কাম আগত লৈ তেওঁ শিলচৰত উপস্থিত হয় ৷

শিলচৰত উপস্থিত হোৱাৰ দিনটোতে তেওঁ প্ৰথমে নৱনিৰ্মিত বহু প্ৰত্যাশিত বদ্ৰী দলংখন উদ্বোধন কৰে । দলং উদ্বোধন কৰিবলৈ অহা মুখ্যমন্ত্ৰীক চাবলৈ ভিৰ কৰে অগণন ৰাইজে ৷ দলং উদ্বোধন কৰাৰ পিচত সকলোকে হাত জোকাৰি সম্ভাষণ জনাই মুখ্যমন্ত্ৰীয়ে ৷ এই অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী পৰিমল শুক্ল বৈদ্য, প্ৰাক্তন বিধায়ক আমিনুল হুক লস্কৰ, শিলচৰৰ বিধায়ক দ্বীপায়ণ চক্ৰৱৰ্তী, লক্ষ্মীপুৰৰ বিধায়ক কৌশিক ৰায়, পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালৰ লগত চৰকাৰী বিষয়াসকল উপস্থিত থাকে ।

বৃহস্পতিবাৰৰ দিনটোতে সোণাই ডুগৰিপাৰ দলং, অন্নপূৰ্ণা ঘাট দলং আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ লগতে কাছাৰৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত নতুনকৈ নিৰ্মাণ কৰা লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰে । তদুপৰি তেওঁ গুংগুৰ পশু চিকিৎসা এলেকাত প্ৰস্তাৱিত সংহত জিলা উপায়ুক্ত কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰি শিলকুৰিত অধিৱেশন কেন্দ্ৰটো উদ্বোধন কৰে আৰু তাৰ পিচত শিলচৰ জিলা ক্ৰীড়া সন্থাৰ ময়দানত অনুষ্ঠিত হ’বলগীয়া জল জীৱন সন্মিলনত মুখ্যমন্ত্ৰীয়ে অংশ লয় ।

আজিৰ দিনটোতে বদ্ৰীঘাট দলং চাহিদা সমিতিৰ বিষয়াসকলে বহু অপেক্ষাৰ অন্তত দলংখন পাবলৈ সক্ষম হোৱাত অতিশয় আনন্দিত হোৱা বুলি উল্লেখ কৰি বদ্ৰীঘাট দলং দাবী সমিতিৰ হৈ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে । তদুপৰি সোণাইৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰীক প্ৰশংসা কৰে ।

লগতে পঢ়ক : Jayanta Malla Baruah arrives in Silchar:মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰস্তুতি চাবলৈ শিলচৰত উপস্থিত হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.