কৰিমগঞ্জ,20 নৱেম্বৰ: সমগ্ৰ দেশৰ লগতে কৰিমগঞ্জ জিলাৰ বৰাক আৰু কুশিয়াৰা নৈৰ পাৰত উদযাপন কৰা হৈছে ষট পূজা | সূৰ্যাস্তৰ আগে আগে মহিলা সকলে হাতত ফুল, বেলপাত আদি লৈ নদীৰ পাৰত উপস্থিত হয় ৷ বৰাক আৰু কুশিয়াৰা নৈত সূৰ্য দেৱতাক প্ৰণাম জনাবলৈ শ শ পুৰুষ মহিলা উপস্থিত হয় ৷
![As_kxj_chat_puja_ img_asc10024](https://etvbharatimages.akamaized.net/etvbharat/prod-images/askxj801to807chotpujaatkarimganjfromswapnajitnathkarimganjasc10024_20112020173113_2011f_1605873673_426.jpg)
জিলাখনৰ বিভিন্ন ধৰ্মৰ লোকে এই ষট পূজাত ভাগ লোৱাৰ লগতে নিজৰ মনৰ কামনা পূৰনৰ বাবে সূৰ্য দেৱতাৰ ওচৰত প্ৰাৰ্থনা কৰে ৷ বিগত বছৰ সমূহত জাক জমকতাৰে উদযাপন কৰা হৈছিল যদিও এইবাৰ ক'ভিড-19 ৰ বাবে অনুষ্টুপীয়াকৈ আয়োজন কৰিছে ষট পূজাৰ ৷
![As_kxj_chat_puja_ img_asc10024](https://etvbharatimages.akamaized.net/etvbharat/prod-images/askxj801to807chotpujaatkarimganjfromswapnajitnathkarimganjasc10024_20112020173113_2011f_1605873673_561.jpg)
লগতে পঢ়ক:অখিল গগৈক মুক্তিৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ