কৰিমগঞ্জ,6 জুলাইঃ পুনৰ কৰিমগঞ্জৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বিৰুদ্ধে অভিযোগৰ আঙুলি । কৰিমগঞ্জৰ বৰ্তমান চক্ৰ বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে আব্দুল ৰজ্জাক নামৰ এজন লোকে | এখন বিবাদিত ভূমিত টকাৰ বিনিময়ত নামজাৰি কৰি দিয়াৰ অভিযোগ উত্থাপিত কৰি বৰ্তমান চক্ৰ বিষয়া ৰাকেশ ডেকাসহ কাৰ্যালয়টোৰ আন দুগৰাকী কৰ্মীৰ বিৰুদ্ধে গোচৰ তৰিছে ৰজ্জাকে | লেণ্ডপোৰ্ট অথৰিটিক মাটি বিক্ৰয় কৰা কেলেংকাৰি লৈ যোৱা সপ্তাহত পূৰ্বৰ চক্ৰ বিষয়া হোমেন গোহাঁই বৰুৱাক গ্ৰেপ্তাৰৰ পাছত এইবাৰ টকাৰ বিনিময়ত নামজাৰি কৰি দিয়াৰ অভিযোগ উত্থাপিত হ'ল বৰ্তমান চক্ৰ বিষয়া ৰাকেশ ডেকাৰ ওপৰত । উল্লেখ্য যে, বৃহস্পতিবাৰে আব্দুল ৰজ্জাকে চক্ৰ বিষয়া ৰাকেশ ডেকা, আমিন মিহিৰ চন্দ, আমিন ৰঞ্জিত গোস্বামীৰ ওপৰত কৰিমগঞ্জৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত গোচৰ ৰজু কৰে । আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷
কৰিমগঞ্জৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ ভুক্তভোগী - circle officer
কৰিমগঞ্জৰ বৰ্তমান চক্ৰ বিষয়াৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছে আব্দুল ৰজ্জাক নামৰ এজন ভুক্তভোগী । টকাৰ বিনিময়ত নামজাৰি কৰি দিয়াৰ অভিযোগ উত্থাপিত কৰি কৰিমগঞ্জৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত গোচৰ ৰজু কৰে ৰজ্জাকে ।
কৰিমগঞ্জ,6 জুলাইঃ পুনৰ কৰিমগঞ্জৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বিৰুদ্ধে অভিযোগৰ আঙুলি । কৰিমগঞ্জৰ বৰ্তমান চক্ৰ বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে আব্দুল ৰজ্জাক নামৰ এজন লোকে | এখন বিবাদিত ভূমিত টকাৰ বিনিময়ত নামজাৰি কৰি দিয়াৰ অভিযোগ উত্থাপিত কৰি বৰ্তমান চক্ৰ বিষয়া ৰাকেশ ডেকাসহ কাৰ্যালয়টোৰ আন দুগৰাকী কৰ্মীৰ বিৰুদ্ধে গোচৰ তৰিছে ৰজ্জাকে | লেণ্ডপোৰ্ট অথৰিটিক মাটি বিক্ৰয় কৰা কেলেংকাৰি লৈ যোৱা সপ্তাহত পূৰ্বৰ চক্ৰ বিষয়া হোমেন গোহাঁই বৰুৱাক গ্ৰেপ্তাৰৰ পাছত এইবাৰ টকাৰ বিনিময়ত নামজাৰি কৰি দিয়াৰ অভিযোগ উত্থাপিত হ'ল বৰ্তমান চক্ৰ বিষয়া ৰাকেশ ডেকাৰ ওপৰত । উল্লেখ্য যে, বৃহস্পতিবাৰে আব্দুল ৰজ্জাকে চক্ৰ বিষয়া ৰাকেশ ডেকা, আমিন মিহিৰ চন্দ, আমিন ৰঞ্জিত গোস্বামীৰ ওপৰত কৰিমগঞ্জৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত গোচৰ ৰজু কৰে । আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷
পুনৰ কৰিমগঞ্জৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বিৰুদ্ধে অভিযোগৰ অঙুলি । কৰিমগঞ্জৰ বৰ্তমান চক্ৰ বিষয়াৰ বিৰুদ্ধে গোচৰ ৰজ্জু কৰিলে আব্দুল ৰজ্জাক নামৰ এগৰাকি ব্যক্তিয়ে | এখন বিবাদিত ভূমিত টকাৰ বিনিময়ত নামজাৰি কৰি দিয়াৰ অভিযোগ উত্থাপিত কৰি বৰ্তমান চক্ৰ বিষয়া ৰাকেশ ডেকা সহ কাৰ্যালয়টোৰ আন দুগৰাকি কৰ্মীৰ বিৰুদ্ধে গোচৰ তৰিছে কৰিমগঞ্জৰ মুখ্য ন্যায় দণ্ডাধীশৰ আদালতত | নামজাৰিৰ বাৱে আগদিনা অভিযোগ দাখিল কৰাৰ পিছতো পিছদিনাই বৃহত্ টকাৰ লেনদেনৰে নামজাৰি কৰি দিয়াৰ কথা উল্লেখ কৰে অভিযোগ দাখিলকাৰিয়ে |
কৰিমগঞ্জৰ চক্ৰ বিষয়াৰ কাৰ্যালয় যেন কেলেংকাৰিৰ এটা ঘাটিত পৰিনত হৈছে । লেণ্ডপোৰ্ট অথৰিটিক মাটি বিক্ৰয় কৰা কেলেংকাৰি লৈ যোৱা সপ্তাহত পূৰ্বৰ চক্ৰ বিষয়া হুমেন গোহাই বড়ুয়াক গ্ৰেফতাৰৰ পাছত এইবাৰ টকাৰ বিনিময়ত নামজাৰি কৰি দিয়াৰ অভিযোগ উত্থাপিত হল বৰ্তমান চক্ৰ বিষয়া ৰাকেশ ডেকাৰ উপৰত । এই সন্ধৰ্ভত চক্ৰবিষয়া সহ দুগৰাকি কৰ্মীক অভিযুক্ত কৰি কৰিমগঞ্জৰ মুখ্য ন্যায় দণ্ডাধীশৰ আদালতত গোচৰ ৰজ্জু কৰিছে আব্দুল ৰজ্জাক নামৰ এগৰাকি ব্যক্তিয়ে । আৰক্ষীয়ে ইতিমধ্যে শুকুৰবাৰ নিশা আমিন ৰঞ্জিত গোস্বামীক থানাত আনি শোধাপোছা কৰে ।
অভিযোগ দাখিল কৰা ব্যক্তিয়ে উল্লেখ কৰে, তেওঁলোকৰ যৌথ সম্পত্তিৰ এটা মাটি লৈ আদালতত গোচৰ চলি আছিল । সেই গোচৰৰ নিষ্পত্তি হোৱাৰ পাছত তেঁও যোৱা ২০ এপ্ৰিল তাৰিখে নামজাৰিৰ কৰাৰ ক্ষেত্ৰত আপত্তি জনাইছিল চক্ৰ বিষয়াৰ কাৰ্যালয়ত । কিন্তু পিছদিনাই ২১ এপ্ৰিল তাৰিখে ধনৰ বিনিময়ত নামজাৰি কৰি দি দিয়ে ।
অভিযোগকাৰিৰ সত্যতা জানিবলৈ আমি চক্ৰ বিষয়াৰ বক্তব্য জানিব গলে কোনও মন্তব্য দিয়াৰ পৰা বিৰত থাকে তেওঁ । কাৰ্যালয়ৰ আমিন মিহিৰ চন্দক শোধা হলে তেওঁ কয়, এয়া তেঁও কৰিব নেবিচাৰিছিল । কিন্তু চক্ৰ বিষয়া ৰাকেশ ডেকাৰ নিৰ্দ্দশতে এই কাম কৰিবলৈ বাধ্য হয় তেঁও । চ্যাৰৰ অৰ্ডাৰ থাকিলে তেঁওৰ একৌ কৰিবলগা নাই বুলি জনায়
ঘটনালৈ বৰ্তমানে আদালতৰ দ্বাৰস্থ হৈছে ভূক্তভূগী আব্দুল ৰজ্জাক । তেঁও ন্যায় বিচাৰি বৃহষ্পতিবাৰে চক্ৰ বিষয়া ৰাকেশ ডেকা, আমিন মিহিৰ চন্দ, আমিন ৰঞ্জিত গোস্বামী সহ তেঁওৰ খুৰা আব্দিল মনাফ আৰু আন এগৰাকি আব্দুল ৰজ্জাকক অভিযুক্ত কৰি কৰিমগঞ্জৰ মুখ্য ন্যায় দণ্ডাধীশৰ আদালতত গোচৰ ৰজ্জু কৰিছে । আৰক্ষীয়ে ইতিমধ্যে শুকুৰবাৰ নিশা আমিন ৰঞ্জিত গোস্বামীক থানাত আনি শোধাপোছা কৰিছে Conclusion:অভিযোগকাৰিৰ সত্যতা জানিবলৈ আমি চক্ৰ বিষয়াৰ বক্তব্য জানিব গলে কোনও মন্তব্য দিয়াৰ পৰা বিৰত থাকে তেওঁ ।