ETV Bharat / state

বনৰীয়া হাতীক চিকিৎসা প্ৰদানেৰে কৰিমগঞ্জবাসীয়ে দাঙি ধৰিলে পশু প্ৰেমৰ নিদৰ্শন - পাথাৰকান্দি সমষ্টি

কৰিমগঞ্জবাসীৰ প্ৰশংসনীয় পদক্ষেপ ৷ অসুস্থ হাতীৰ চিকিৎসা প্ৰদান কৰি দাঙি ধৰিলে পশু প্ৰেমৰ নিদৰ্শন ৷

care-of-sick-wild-elephant-by-local-public
বনৰীয়া হাতীক চিকিৎসা প্ৰদান কৰি কৰিমগঞ্জবাসীয়ে দাঙি ধৰিলে পশু প্ৰেমৰ নিদৰ্শন
author img

By

Published : Dec 3, 2020, 4:33 PM IST

কৰিমগঞ্জ, 3 ডিচেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে কৰিমগঞ্জবাসীয়ে দাঙি ধৰিছে পশু প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন ৷ অঞ্চলটোত দীৰ্ঘদিনৰ পৰাই ত্ৰাসৰ সৃষ্টি কৰা অসুস্থ হাতী এটাক চিকিৎসা প্ৰদান কৰি দাঙি ধৰিলে পশু প্ৰেমৰ নিদৰ্শন ৷

বনৰীয়া হাতীক চিকিৎসা প্ৰদান কৰি কৰিমগঞ্জবাসীয়ে দাঙি ধৰিলে পশু প্ৰেমৰ নিদৰ্শন

তথ্য অনুসৰি, জিলাখনৰ পাথাৰকান্দি সমষ্টিৰ অন্তৰ্গত ছলগই, লংগাই, হাতিখীৰা, মেদলী আদিকে ধৰি বিভিন্ন চাহ বাগিছাৰ এলেকাত বনৰীয়া হাতীয়ে দীৰ্ঘ দিনৰ পৰাই ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ বিগত বছৰৰ দৰে চলিত বৰ্ষতো বনৰীয়া হাতীয়ে অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰা হাতীৰ জাকটোৰ মাজৰ পৰা এটা হাতী অসুস্থ হৈ পৰাত অঞ্চলবাসীয়ে হাতীটোৰ চিকিৎসা কৰিবৰ বাবে তদাৰক কৰে ৷

পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে বন বিভাগৰ লোকক খবৰ দিয়ে ৷ বন বিভাগৰ লোক উপস্থিত হৈ হাতীটোৰ প্ৰাথমিক চিকিৎসা কৰি জংঘলত এৰি দিয়ে ৷ হাতী-মানুহৰ সংঘাতৰ মাজতে কৰিমগঞ্জবাসীৰ এই পদক্ষেপ ৰাজ্যৰ অন্য প্ৰান্তৰ মানুহৰ বাবে আদৰ্শ হৈ পৰিছে ৷

লগতে পঢ়ক : কামাখ্যাৰ দোকানৰ পৰা উদ্ধাৰ জন্তুৰ অংগ-পতংগকে ধৰি সাগৰীয় মূল্যবান সামগ্ৰী

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.