কৰিমগঞ্জ,13এপ্ৰিল: শনিবাৰে জালিয়ানৱালা বাগৰ হত্যাকাণ্ডৰ ১০০ বছৰ পূৰ্তি উপলক্ষে শ্বহীদক সোৱৰণ কৰি কৰিমগঞ্জত এক জনসভা আৰু জোঁৰ সমদলৰ আয়োজন কৰা হয় । ভাৰতীয় ইতিহাস সংকলন সমিতিৰ কৰিমগঞ্জ জিলা শাখাৰ উদ্যোগত চহৰৰ ষ্টেচন ৰোডত এক জনসভা অনুষ্ঠিত কৰে । এই সভাতে জালিয়ানৱালা বাগৰ হত্যাকাণ্ডৰ দিনটোৰ কথা সোঁৱৰণ কৰি সকলোৱে মত বিনিময় কৰে ।
ইয়াৰ পাচতে এক জোঁৰ সমদলৰ আয়োজন কৰা হয় ৷ এই জোঁৰ সমদলত অঞ্চলটোৰ বহুলোকে অংশ গ্ৰহণ কৰে । হাতে হাতে মমবাতি লৈ কৰিমগঞ্জ চহৰৰ বিভিন্ন ৰাজপথ পৰিভ্ৰমণ কৰে ভাৰতীয় ইতিহাস সংকলন সমিতিৰ সদস্যৰ লগতে অঞ্চলটোৰ সাধাৰণ ৰাইজে ।