ETV Bharat / state

কৰিমগঞ্জত লক্ষাধিক মূল্যৰ ড্ৰাগছসহ আটক দুই

author img

By

Published : Jul 15, 2020, 5:28 PM IST

কৰিমগঞ্জত লক্ষাধিক মূল্যৰ ড্ৰাগছ জব্দ ৷ দুই সৰবৰাহকাৰী তাহিৰ চুলতান আৰু নুৰ আহমেদক আটক কৰে আৰক্ষীয়ে ৷

আটক দুই
কৰিমগঞ্জত লক্ষাধিক মূল্যৰ ড্ৰাগছ জব্দ

কৰিমগঞ্জ, 15 জুলাই : বিশ্বজুৰি ক'ৰণা আতংকৰ মাজতে অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ । কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিৰ সোনাখিৰাত আৰক্ষীয়ে অভিযান চলাই আটক কৰে দুই ড্ৰাগছ সৰবৰাহকাৰীক ৷ এই দুই সৰবৰাহকাৰীৰ পৰা জব্দ কৰা হয় লক্ষাধিক মূল্যৰ ব্ৰাউন ছুগাৰ । আটক হোৱা ড্ৰাগছ সৰবৰাহকাৰী দুজন হৈছে কাঠলতলীৰ তাহিৰ চুলতান আৰু নুৰ আহমেদ ।

কৰিমগঞ্জত লক্ষাধিক মূল্যৰ ড্ৰাগছসহ আটক দুই

বুধবাৰে সোনাখিৰা চেক পোষ্টত আৰক্ষীৰ নিয়মীয়া তালাচীত AS 11Q-9808 নম্বৰৰ এখন ডাটছান বাহনৰ এখনৰ পৰা জব্দ কৰা হয় ড্ৰাগছখিনি ৷ প্ৰায় 45 টা টেমাত ৰখা হৈছিল এই ব্ৰাউন ছুগাৰখিনি ৷ পাথাৰকান্দি বাইপাছ এলেকাৰ পৰা ডাটছান বাহনেৰে ড্ৰাগছখিনি কঢ়িয়াই আনি সৰবৰাহকাৰী দুজনে কাঠলতলীৰ ড্ৰাগছ সৰবৰাহকাৰী কুটিৰ আৰু জুবেৰৰ হাতত চমজাই দিয়াৰ কথা আছিল । ইয়াৰ পাচতে আৰক্ষীৰ হাতত ধৰা পৰে সৰবৰাহকাৰী দুজন ৷

লগতে পঢ়ক : ভয়াৱহ দিশে ৰাজ্যৰ বান পৰিস্থিতিঃ 33 লাখ লোক বানৰ কবলত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.