দক্ষিণ কৰিমগঞ্জ, ১৬ ফেব্ৰুৱাৰী: কৰিমগঞ্জ জিলা কংগ্ৰেছৰ উদ্যোগত দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিত বুথ সংকল্প শিবিৰৰ আয়োজন কৰা হয় । আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে বুথ পৰ্যায়ৰ কৰ্মীসকলৰে নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত আলোচনাত মিলিত হয় দলৰ নেতাসকল ।
লগতে নিৰ্বাচনী প্ৰস্তুতি চলোৱাৰ বাবে বুথ পৰ্যায়ৰ কৰ্মীসকলক উৎসাহিত কৰি দলৰ ৰণনীতিৰ আভাস দিয়াৰ বাবে কংগ্ৰেছে এই সভা অনুষ্ঠিত কৰে ।
দক্ষিণ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী প্রাক্তন মন্ত্রী ছিদ্দেক আহমেদৰ বাসগৃহতে বুথ সংকল্প শিবিৰ অনুষ্ঠিত কৰা হয় । এই সভাত দুই সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে । সমষ্টিটোত কংগ্ৰেছৰ জয়ধ্বজ্জা উৰুৱাবলৈ প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে দলীয় নেতৃত্বই ।
লগতে পঢ়ক:আমগুৰিত সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত খেলপথাৰ উদ্বোধন