কৰিমগঞ্জ,7 নৱেম্বৰ: অৱসান ঘটা নাই অসম-মিজো সীমান্তৰ বিবাদৰ ৷ অসমৰ ভূমিত অৱস্থিত এখন বিদ্যালয়ত শুকুৰবাৰে নিশা বোমা বিস্ফোৰণ ঘটাই অচিনাক্ত মিজো দুষ্কৃতিকাৰীয়ে ৷ কাছাৰ জিলাৰ ধলাইৰ অসম-মিজোৰাম সীমান্তৰ আপাৰ পেইনম প্ৰাথমিক বিদ্যালয়ত এই বিস্ফোৰণ সংঘটিত হয় ৷ বিস্ফোৰণৰ ফলত বিদ্যালয়খনৰ যথেষ্ঠ ক্ষতিসাধন হয় ৷
উক্ত ঘটনাৰ পিছতে বিদ্যালয়খন ঘেৰাও কৰে মিজো আই আৰ বেটালিয়ান বাহিনীয়ে ৷ নিশা প্ৰায় 2 বজাত এই বিস্ফোৰণ সংঘটিত হয় ৷ কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে সীমান্তত টহল দি থকা স্বত্বেও মিজো দুষ্কৃতিকাৰীয়ে বোমা বিস্ফোৰণ ঘটাবলৈ সক্ষম হয় বিদ্যালয়খনত ৷ উক্ত ঘটনাৰ খবৰ লাভৰ পিছতে বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকী চৌহদত উপস্থিত হয় যদিও মিজো আৰক্ষীয়ে শিক্ষকগৰাকীক ঘটনাস্থলীত প্ৰৱেশত বাধা প্ৰদান কৰে ৷
লগতে চাওকঃ সৰভোগত পথ দুৰ্ঘটনাত নিহত দুই