ETV Bharat / state

কৰিমগঞ্জৰ খেল পথাৰত ফুটবল খেলাত ব্যস্ত ৰঞ্জিত দাস

author img

By

Published : Dec 20, 2020, 11:27 AM IST

ৰাজ্যত বলিছে ৰাজনীতিৰ গৰম বতাহ ৷ সমষ্টিয়ে সমষ্টিয়ে যাত্ৰা অব্যাহত ৰাখিছে ৰাজনৈতিক নেতাই ৷ তাৰ মাজতে বৰাকত বাহৰ পাতিছে বিজেপিৰ বহু হাই-প্ৰফাইল নেতা ৷ ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ বাবে সমষ্টিয়ে সমষ্টিয়ে এতিয়া ব্যস্ত হৈ পৰিছে সভাপতি ৰঞ্জিত দাস ৷

BJP LEADERS AT BARAK VELLY
কৰিমগঞ্জৰ খেল পথাৰত ফুটবল খেলাত ব্যস্ত ৰঞ্জিত দাস

কৰিমগঞ্জ, 20 ডিচেম্বৰ: ৰাজ্যজুৰি জাৰৰ প্ৰকোপ বৃদ্ধি পোৱাৰ লগে লগে ৰাজনৈতিক বতাহ ক্ৰমে গৰম হৈ পৰিছে বৰাকত ৷ বিটিচি আৰু তিৱা নিৰ্বাচনৰ পাচতে সমষ্টিয়ে সমষ্টিয়ে যাত্ৰা অব্যাহত ৰাখিছে বিজেপি নেতাই ৷ তাৰ মাজতে সীমান্ত চহৰ কৰিমগঞ্জৰ খেল পথাৰত ফুটবল খেলাত ব্যস্ত হৈ পৰিছে বিজেপিৰ বহু হাই-প্ৰফাইল নেতা ৷ কোনোবাই যদি কিক মাৰিছে, কোনোবাই আকৌ গ'ল কিপাৰ হৈছে ৷ কোনোৱে যদি ফুটবল খেলিছে, কোনোৱে আকৌ প্ৰাতঃ ভ্ৰমণ কৰিছে ৷ মুঠতে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে নিজকে সুস্থ ৰাখিবলৈ সকলোৱে যেন উঠি পৰি লাগিছে ৷

কিয়নো 23 আৰু 24 ডিচেম্বৰত বৰাকত অনুষ্ঠিত হ'ব ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা ৷ তাকে লৈ পোন প্ৰথমবাৰৰ বাবে সীমান্ত চহৰখনত বাহৰ পাতিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ৷ দলৰ ভেঁটী সবল কৰি ৰাখিবলৈ ইজনৰ পাচত সিজন শাসকীয় দলৰ নেতাই চেষ্টা অব্যাহত ৰখাৰ সময়তে বৰাক উপত্যকাৰ সমষ্টিয়ে সমষ্টিয়ে নিৰ্বাচনী সভা অব্যাহত ৰাখিছে ৰঞ্জিত দাসে ৷ আগন্তুক বিধানসভা নিৰ্বাচনত বৰাকত বিজেপিৰ আসন বঢ়োৱাৰ বাবে ব্যৱহাৰ কৰিছে নিতৌ নতুন কৌশল ৷

লগতে পঢ়ক: আগন্তুক নিৰ্বাচনত শিৱসাগৰ সমষ্টিত আঞ্চলিক দলৰ উমৈহতীয়া প্ৰাৰ্থী হ’ব অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.