ডিফু,5 এপ্ৰিলঃ প্ৰতি মুহুৰ্তত জনসাধাৰণলৈ চৰকাৰৰ সাৱধানবাণী-লক ডাউন ভংগ নকৰিব ৷ য’তেই লক ডাউন ভংগ হৈছে তাতেই আৰক্ষীয়ে লাঠিচালনা কৰিবলৈ বাধ্য় হৈছে ! সচেতন চৰকাৰৰ সচেতন কৰ্মীসকলৰ আকৌ ওলোটা ৰূপ ! উল্লেখ্য যে, ৰাজ্যজুৰি ক’ভিড 19 ত আক্ৰান্ত ৰোগীৰ সংখ্যা 26 গৰাকী হৈছেগৈ ৷ যি সময়ত ৰাইজক যথেষ্ট পৰিমাণে সচেতন হ’বলৈ বিজেপি চৰকাৰে আহ্বান জনাইছিল, খোদ সেই চৰকাৰৰে নেতা-কৰ্মীসকলে কৰিমগঞ্জত সাহায্য সামগ্ৰী বিতৰণৰ নামত সৃষ্টি কৰিছে জন সমাগম ৷
কৰিমগঞ্জৰ পাথাৰকান্দি মণ্ডল বিজেপিৰ সভাপতি মাণিক্য সিনহাৰ নেতৃত্বত দেওবাৰে পুৱাৰ পৰা কানাইবজাৰ গাঁও পঞ্চায়তৰ বিভিন্ন ৱাৰ্ডত চলে সাহায বিতৰণ কাৰ্যসূচী ৷ চাউল, দাইল, তেল, নিমখ আদি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ বিতৰণৰ ফলত অঞ্চলটোত সকলো নিৰ্দেশ উলংঘা কৰি বৃহৎ জন সমাগম সৃষ্টি কৰে স্থানীয় ৰাইজে ৷ বিজেপি দলৰ নেতা-কৰ্মীসকলৰ এই কাণ্ডই বৰ্তমান যথেষ্ট সমালোচনাৰ সৃষ্টি কৰিছে । বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে দলীয় বিধায়কসকলৰ লগতে নেতা-কৰ্মীক নিজৰ সমষ্টিৰ অসহায় লোকক সহায় কৰাৰ বাবে আহ্বান জনাইছিল ৷ উক্ত আহ্বানমৰ্মে সমষ্টিটোৰ বিধায়ক কৃষ্ণেন্দু পালে সাহায্য বিতৰণৰ দায়িত্ব দিছিল দলটোৰ নেতা-কৰ্মীসকলক ৷
লগতে চাওকঃ ৰাজ্যৰ পৃথক স্থানত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড