ETV Bharat / state

চেন্ট্ৰেল অ'বিচি প্ৰদানৰ দাবীৰে বিষ্ণুপ্ৰিয়া মণিপুৰীৰ প্ৰতিবাদ - কৰিমগঞ্জত 6 ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী

কেন্দ্ৰীয় অনুসূচিত জনজাতিকৰণৰ দাবীৰে বিষ্ণুপ্ৰিয়া মণিপুৰীৰ প্ৰতিবাদ ৷ দাবী মানি নোলোৱা পৰ্যন্ত ধাৰাবাহিক আন্দোলনৰ হুংকাৰ ৷ 1996 চনৰ পৰা দাবী জনাই অহাৰ পাছতো চৰকাৰে সঁহাৰি নিদিয়াৰ অভিযোগ প্ৰতিবাদকাৰীৰ ৷

চেন্ট্ৰেল অ'বিচি প্ৰদানৰ দাবীৰে বিষ্ণুপ্ৰিয়া মণিপুৰীৰ প্ৰতিবাদ

author img

By

Published : Nov 19, 2020, 4:26 PM IST

কৰিমগঞ্জ, 18 নৱেম্বৰ: বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ক কেন্দ্ৰীয় অনুসূচিত জনজাতি (চেন্ট্ৰেল অ'বিচি)ৰ অন্তৰ্গত কৰাৰ দাবীৰে কৰিমগঞ্জত 6 ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৷ দাবী মানি ন'ললে ধাৰাবাহিক আন্দোলনৰ হুংকাৰ প্ৰতিবাদকাৰীৰ ৷ সমগ্ৰ অসমৰ লগতে কৰিমগঞ্জ জিলা উপায়ুক্ত কাৰ্যালয়ৰ কাষত বৃহস্পতিবাৰে নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী মহাসভাৰ ৰাজ্যিক কমিটিৰ নেতৃত্বত চেন্ট্ৰেল অবিচি প্ৰদানৰ দাবীত এই 6 ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী লোৱা হয় ৷

চেন্ট্ৰেল অ'বিচি প্ৰদান নকৰিলে ধাৰাবাহিক আন্দোলনৰ হুংকাৰ প্ৰতিবাদকাৰীৰ

প্ৰতিবাদকাৰী সকলে কয় যে 1996 চনৰ পৰাই তেওঁলোকে বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ক কেন্দ্ৰীয় অনুসূচিত জনজাতিৰ অন্তৰ্গত কৰাৰ দাবী উত্থাপন কৰি আহিছে যদিও চৰকাৰৰ ফালৰ পৰা কোনোধৰণৰ সঁহাৰি লাভ কৰা নাই ৷ যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে সমগ্ৰ অসমতে এনে কাৰ্যসূচী পালন কৰাৰ বাবে বাধ্য হৈছে ৷

প্ৰতিবাদকাৰী সকলে অভিযোগ কৰে যে তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবীৰ ক্ষেত্ৰত কোনো কাৰ্যকৰী সিদ্ধান্ত নোলোৱাৰ বাবে পিছপৰা সম্প্ৰদায়টোৱে বিভিন্ন ধৰণৰ সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে ৷ তেওঁলোকে কয় যে চেন্ট্ৰেল অ'বিচি পালেহে সম্প্ৰদায়টো উন্নয়নৰ ক্ষেত্ৰত আগুৱাই যাব ৷

ৰাতিপুৱা 11 বজাৰ পৰা আৰম্ভ হোৱা এই ধৰ্ণা কাৰ্যসূচীত নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী মহিলা পৰিষদ,নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ৰ সাহিত্য ও সংস্কৃতি পৰিষদসহ নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী ছাত্ৰ সংস্থাৰ লগতে সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: বৰঙাবাৰীত হিমন্ত বিশ্ব শৰ্মাই স্থাপন কৰিব নাৰ্চিং বিদ্যালয়ৰ আধাৰশিলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.