ETV Bharat / state

কৰিমগঞ্জত কৃষি আইনৰ সমৰ্থনত সজাগতা সভা - awarness-program

এফালে কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সমান্তৰালকৈ এই কৃষি আইনৰ সমৰ্থনতো অব্যাহত আছে সজাগতা সভা ৷ বৃহস্পতিবাৰে দক্ষিণ কৰিমগঞ্জৰ সুপ্ৰাকান্দিত সজাগতা সভাৰ আয়োজন কৰে বিজেপিৰ কৰ্মকৰ্তা সকলে ৷

awarness-program-on-support-of-farm-act
কৰিমগঞ্জত কৃষি আইনৰ সমৰ্থনত সজাগতা সভা
author img

By

Published : Dec 17, 2020, 5:37 PM IST

কৰিমগঞ্জ, 17 ডিচেম্বৰ : কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনিখনকৈ কৃষি আইন বাতিলৰ দাবীত দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে ৷ কৃষি আইন বাতিলৰ দাবীত ইতিমধ্যে পাঞ্জাৱ-হাৰিয়ানা আদি ৰাজ্যৰ সহস্ৰাধিক কৃষকে কেইবা সপ্তাহৰ পৰা সিংঘু সীমান্তত প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ অসমতো এই আইনৰ বিৰুদ্ধে ঠায়ে ঠায়ে হৈ আহিছে প্ৰতিবাদ ৷ ইতিমধ্যে এই প্ৰসংগটোৱে দেশৰ ৰাজনীতিতো সলকনিৰ সৃষ্টি কৰিছে ৷

এফালে কৃষি বিলৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ সমান্তৰালকৈ এই কৃষি আইনৰ সমৰ্থনতো অব্যাহত আছে সজাগতা সভা ৷ বৃহস্পতিবাৰে দক্ষিণ কৰিমগঞ্জৰ সুপ্ৰাকান্দিত সজাগতা সভাৰ আয়োজন কৰে বিজেপিৰ কৰ্মকৰ্তা সকলে ৷ বিজেপিৰ কৰ্মকৰ্তা সকলে কৃষি আইনৰ সপক্ষে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আৰম্ভ কৰিছে অভিযান ৷ দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ সুপ্ৰাকান্দিত বিজেপি নেতা নীলোৎপল দাসৰ নেতৃত্বত চলোৱা হয় সজাগতামূলক অভিযান ৷

লগতে পঢ়ক: কৃষি আইন বাতিলৰ দাবীত বিক্ষোভ প্ৰদৰ্শন নিখিল ভাৰত কৃষক সভাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.